ডিজিটেল ৰিপ'ৰ্টঃ গ্ৰেপ্তাৰৰ পিছতে ৰূপ সলনি হ’ল ইণ্ডাছইণ্ড বেংকৰ বিষয়া অলিভিয়া দত্তৰ। কেলেংকাৰী পোহৰলৈ নহালৈকে মেক-আপেৰে নিজকে সজাই-পৰাই তুলিছিল। মিচিকিয়া হাঁহি এটা লৈ ধুনীয়া মহিলাগৰাকীয়ে বেংকলৈ আহি আৰম্ভ কৰিছিল নিজৰ কাম-কাজ।

সুন্দৰ হাঁহিটোলৈ চাই কোনেও ভাবিবই পৰা নাছিল যে তেওঁৰো মনৰ ভিতৰত যে এগৰাকী চোৰ সোমাই আছে। তেওঁলৈ চাই প্ৰতিজন গ্ৰাহকে নিজৰ লেন-দেন সম্পৰ্কীয় কাম-কাজ সম্পন্ন কৰি নিশ্চিন্ত মনেৰে ঘৰলৈ উভতিছিল। বেংকৰ আন কৰ্মচাৰী তথা ওপৰৱালা বিষয়াসকলকো হাঁহিটিৰেই বশ কৰি গৈছিল তেওঁ।

♦ গ্ৰেপ্তাৰৰ সময়ত নগদ ২৭ লাখ উদ্ধাৰ

♦ ৭মহীয়া সন্তানক নিজৰ সৈতে ৰখাত অনুমতি আদালতৰ

♦ বুধবাৰে ট্ৰেনজিত ৰিমাণ্ডত অনা হ'ব অসমলৈ

মিচিকিয়া হাঁহি, ঈশ্বৰ প্ৰদত্ত ৰূপ আৰু মানুহৰ বিশ্বাসক মূলধন কৰি লৈ গোপনে তেওঁ আত্মসাৎ কৰি গৈছিল এহেজাৰ-দুহেজাৰকৈ। সেই সময়ত ঘৰত এৰি থৈ অহা ৭ মহীয়া সন্তানটিলৈকো এবাৰলৈকো মনত পেলোৱা নাছিল তেওঁ। মাথো মনত এটাই কথা আছিল, সেয়া হৈছে কেনেকৈ কোনেও নজনাকৈ ধন সৰকাব পাৰি।

এনেদৰে আজি এহেজাৰ, কালি দুহেজাৰকৈ কেবা কোটি টকা আত্মসাৎ কৰে ইণ্ডাছইণ্ড বেংকৰ ভঙাগড় শাখাৰ উপ-প্ৰবন্ধক অলিভিয়া দত্ত চৌধুৰীয়ে। তেওঁৰ এই কামত স্বামীয়েও সহযোগ কৰা বুলি জানিব পৰা গৈছে। কিয়নো আত্মসাৎ কৰা টকাবোৰ পোনে পোনে স্বামীৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিছিল অলিভিয়াই।

ঘটনা সন্দৰ্ভত যোৱা ২ আগষ্ট পশ্চিমবংগৰ নিউ জলপাইগুৰিৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অলিভিয়াৰ স্বামী শংকৰ সিনহাক। অলিভিয়াৰ স্বামী সিনহা হৈছে ইণ্ডাছইণ্ড বেংকৰ গেংটক শাখাৰ এজন উচ্চপদস্থ বিষয়া। 

CLICK ♦ ৩কোটি লুণ্ঠন কৰি নাইনিতালত গ্ৰেপ্তাৰ সুন্দৰী অলিভিয়া

দীৰ্ঘদিন ধৰি গ্ৰাহকে জমা কৰা ধন জালিয়াতিৰে নিজৰ কৰি লৈ অহা অলিভিয়াৰ এনে কু-কৰ্মৰ কথা প্ৰথমে পোহৰলৈ আনে বিদ্যুৎজ্যোতি কলিতা নামৰ এগৰাকী প্ৰবঞ্চিত গ্ৰাহকে। পল্টন বজাৰ থানাত উক্ত গ্ৰাহকজনে তৰা গোচৰৰ পিছতে হতবাক হৈ পৰে বেংকটোত কৰ্মৰত অলিভিয়াৰ সহকৰ্মী তথা গ্ৰাহকসকল। এজনৰ পিছত এজনকৈ গ্ৰাহকে তেতিয়াহে মাজে মাজে ধন হৰলুকী হৈ থকাৰ কথা জানিব পাৰে।

ইফালে গোচৰ ৰুজু হোৱাৰ লগে লগে ২৭ জুলাইত অসম এৰি পলায়ন কৰে অলিভিয়াই। ৭মহীয়া সন্তানসহ ৰাজধানী এক্সপ্ৰেছযোগে দিল্লীলৈ যায় অলিভিয়া। তাত আত্মীয়ৰ ঘৰত কটাই ৩১ জুলাইৰ পিছত নাইনিতালত উপস্থিত হয় প্ৰবঞ্চক বেংক বিষয়াগৰাকী। পলায়ন কৰা বেংক বিষয়াগৰাকীক বিচাৰি আৰম্ভণিতে ৰাজ্যতে আৰক্ষীয়ে অভিযান চলাই যদিও পিছত বহিৰাজ্যলৈ পলায়ন কৰাৰ কথা জানিব পাৰে।

অৱশেষত দেওবাৰে অসম আৰক্ষীৰ এটা বিশেষ দলে অনুসন্ধান চলাই অলিভিয়াক নাইনিতালৰ এখন ৰিজ’ৰ্টৰ পৰা গ্ৰেপ্তাৰ কৰে। মহানগৰ আৰক্ষীৰ এচিপি সুপ্ৰতিভলাল বৰুৱাৰ নেতৃত্বত অাৰক্ষীৰ এটি দলে অলিভিয়াক সন্তানসহ গ্ৰেপ্তাৰ কৰি নাইনিতালৰ পৰা দিল্লীলৈ লৈ আনে। 

সোমবাৰে নয়দাৰ আম্বেদকাৰ হাস্পতালত স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাৰ পিছতে দিল্লীৰ গৌতম বুদ্ধ আদালতত হাজিৰ কৰোৱা হয় অলিভিয়াক। মঙলবাৰে পুনৰ দিল্লীৰ আদালতত হাজিৰ কৰোৱাই অহা বুধবাৰে ট্ৰেনজিত ৰিমাণ্ডত গুৱাহাটীলৈ আনিব অলিভিয়াক। গ্ৰেপ্তাৰৰ পিছতে অলিভিয়াৰ ৭ মহীয়া সন্তানটিৰ বাবে যথেষ্ট বিপাঙত পৰে আৰক্ষী। অৱশ্যে পিছত আদালতে অলিভিয়াক সন্তানটিক নিজৰ লগতে ৰখাৰ অনুমতি দিয়ে।

জানিব পৰা মতে, গ্ৰেপ্তাৰৰ সময়ত আৰক্ষীয়ে অলিভিয়াৰ পৰা নগদ ২৭.৫০ লাখ টকা উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। আচৰিত ধৰণে ১০ লাখ টকা ৰেলতে এৰি থৈ অহাৰ কথাও জানিব পাৰিছে আৰক্ষীয়ে। সংবাদ মাধ্যমক আৰক্ষীয়ে জনোৱা মতে, অলিভিয়াই গুৱাহাটীৰ পৰা পলায়ন কৰোতে লগত নগদ ৪০লাখ টকা লৈ গৈছিল। উল্লেখ্য যে এতিয়ালৈকে অলিভিয়াৰ বিৰুদ্ধে ৪২০ ধাৰাসহ কেবাটাও ধাৰাত ৰুজু হৈছে ৪টাকৈ গোচৰ। 

♦ অসমৰ লগতে দেশ-বিদেশৰ প্ৰতিটো বা-বাতৰিৰ বাবে সময় পালেই ভিজিট কৰক www.newsnextone.com। ♦