
কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ তিতাগুৰিত যোৱা ১ আগষ্টত অচিনাক্ত দূস্কৃতিকাৰীয়ে ছাত্ৰ নেতা লাফিকুল ইছলামক গুলীয়াই হত্যা কৰা তিনিদিন পিছত আজি কংগ্ৰেছৰ বিধায়িনী দল এটা মৃতকৰ ঘৰত উপস্থিত হয়।
বিৰোধী দলপতি তথা কংগ্ৰেছৰ বিধায়ক দেবব্ৰত শইকীয়াৰ নেতৃত্বত অহা সজাঁতি দলটোৱে নিহত লাফিকুল ইছলামৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি বৰ্বৰোচিত হত্যাকাণ্ডক কঠোৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে মৃতকৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে।
♦ লাফিকুলৰ গৃহত কংগ্ৰেছৰ প্ৰতিনিধি দল
লাফিকুলৰ হত্যাকাৰী যাতে কোনোপধ্যে সাৰি নাযায় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাই হত্যাকাণ্ডৰ তদন্ত চৰকাৰে সঠিক দিশত আৰু ক্ষিপ্ৰতাৰে কৰিবলৈও দাবী উত্থাপন কৰিছে দেৱব্ৰত শইকীয়াই৷
আনহাতে সঁজাতি দলটোত অংশ লোৱা ৰেকিবুদ্দিন আহমেদেও লাফিকুলৰ দৰে সুযোগ্য ছাত্ৰ নেতা এজনক হত্যা কৰা কাৰ্য প্ৰকৃততে অন্যায়ৰ বিৰুদ্ধে মাত মতা কন্ঠক কৱৰস্থ কৰা বুলি আক্ষেপ প্ৰকাশ কৰে৷ লাফিকুলৰ হত্যাকাৰীক কৰায়ত্ত কৰিবই লাগিব অন্যথা জনতা হাত সাবটি বহি নাথাকে বুলি মন্তব্যৰে একমাত্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সমসাময়িক পদক্ষেপ গ্ৰহণ কৰিলেও ৰাইজে মানি নলয় বুলি মত প্ৰকাশেৰে এনে হত্যাকাণ্ডৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ প্ৰতিও চৰকাৰে গুৰুত্ব দিয়া উচিত বুলি মন্তব্য কৰিছে ৰেকিবউদ্দিন আহমেদে৷
ইপিনে ৰাজ্য চৰকাৰে ঘোষণা কৰা ৫ লাখ টকাৰ এককালীন অৰ্থ সাহায্যৰ চেক আজি লাফিকুলৰ শয্যাশায়ী পিতৃ আফাজুদ্দিন আহমেদৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰে জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰীয়ে। জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰীয়ে পুত্ৰশোকত শয্যাশায়ী হোৱা লাফিকুলৰ পিতৃ-মাতৃৰ অৱস্থা প্ৰত্যক্ষ কৰি দৈনিক দুবাৰকৈ চিকিৎসকৰ দ্বাৰা চিকিৎসা সেৱা দিবলৈও এক নিৰ্দেশনা জাৰি কৰিছে ৷