01
Mar
2019
বাণ থিয়েটাৰত একক অভিনয় প্ৰতিযোগিতা

তেজপুৰঃ তেজপুৰ সাহিত্য সভাৰ উদ্যোগত আৰু বাণ থিয়েটাৰৰ সহযোগত বৃহস্পতিবাৰে বাণথিয়েটাৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে আৰম্ভ হ'ল দ্বিতীয় বাৰ্ষিক সদৌ অসম ভিত্তিত ভোলা কলিতা সোঁৱৰণী একক অভিনয় প্ৰতিযোগিতা।
বাণথিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা এই প্ৰতিযোগিতাত বিচাৰকৰ আসন গ্ৰহণ কৰে বিশিষ্ট নাট্যকাৰ তথা ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ সুকদেৱ অধিকাৰী, নাট্য ভূষণ অৰ্পণ বেজবৰুৱা আৰু অমৃত বৰগোহাঁইয়ে।