anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ ভাৰতৰ ১১ সংখ্যাক প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ দলে এক ঐতিহাসিক বিজয়ৰ সাক্ষী হৈ ৰ’ল৷ সকলোতকৈ কম সংখ্যাক আসন লাভ কৰাৰ পিছতো দেশৰ দুটা বৃহৎ দলে জেডিএছ অবিহনে কোনো কাৰণত চৰকাৰ গঠন কৰিব নোৱাৰে৷ 

পূৰ্বে অনুমান কৰা অনুসৰিয়ে কৰ্ণাটকৰ কিং মেকাৰ হৈ পৰে জেডিএছ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ দলটোৱে বছৰ বছৰ ধৰি ক্ষমতাৰ পৰা দূৰত থাকিব লগা হৈছে যদিও এইবাৰ মিত্ৰজোঁটত থাকি হ'লেও ক্ষমতালৈ অহাৰ সম্ভাৱনাই দেখা দিছে৷ 

কৰ্ণাটকত ১০৪ খন আসন লাভ কৰি বিজেপি হৈ পৰিল বৃহৎ দল৷ বৃহৎ দল হোৱাৰ লগেতে কংগ্ৰেছক শাসনৰ পৰা পদচ্যুত কৰিলে বিজেপিয়ে৷ কংগ্ৰেছে পুনৰ শাসনলৈ অহাৰ দাবী কৰি আহিছিল যদিও ৰাইজে কংগ্ৰেছক সেই সুবিধা প্ৰদান নকৰিলে৷ 

কৰ্ণাটকৰ জাতীয়তাবাদী নেতা দেৱগৌড়াৰ দলে এই ফলাফল লাভ কৰাৰ পিছতে ৰাইজ উৎফুল্লিত হৈ পৰে৷ বাংগালুৰুৰ দেৱগৌড়াৰ বাগসৃহৰ সন্মুখত হাজাক হাজাৰ লোক সমৱেত হয়৷ আনন্দ প্ৰকাশ কৰা দেখা যায় দেৱগৌড়াৰ ঘৰৰ সন্মুখত৷ সমৰ্থকে আবেগিক হৈ পৰে৷  দেৱগৌড়াৰ বাগসৃহৰ সন্মুখত জিন্দাবাদ ধ্বনি দিয়ে৷ ৰং সানি তামাচা কৰা দেখা যায়৷

যোৱা ১২ মে’ত কৰ্ণাটক বিধান সভাৰ ২২২ খন আসনৰ বাবে ভোটদান অনুষ্ঠিত হৈছিল৷ তাৰ পিছতে ভোটগণনা মঙলবাৰে পুৱাৰে পৰা আৰম্ভ হয়৷ এতিয়ালৈ ঘোষণা কৰা ফলাফল অনুসৰি বিজেপিয়ে মুঠ ১০৪ খন আসনত জয়ী হয়৷ কংগ্ৰেছে ৭৮ খন আসনত জয়ী হোৱাৰ লগতে জেডিএছে ৩৮ খন আসনত জয়ী হয়৷ ফলত জেডিএছ অবিহনে কংগ্ৰেছ বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিব সেয়া খাটাং৷  

পুনৰ শাসনৰ গাদী দখল কৰাৰ দিশে বিজেপি আগবাঢ়িছে যদিও সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে৷ কিন্তু বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পৰা পিছ পৰিল যদিও জেডিএছৰ সৈতে লগলাগি চৰকাৰ গঠন কৰাৰ কুচকাৱাজ আৰম্ভ কৰিছে৷ সমানে কংগ্ৰেছে জেডিএছৰ সৈতে লগলাগি পুনৰ চৰকাৰ গঠন কৰাৰ বাবে দৌৰ আৰম্ভ কৰিছে৷ 

ইপিনে মুখ্যমন্ত্ৰী সিদ্দাৰামায়াই ৰাজ্যপালক পদত্যাগ পত্ৰ প্ৰেৰণ কৰে৷ আনহাতে জেডিএছৰ নেতা এইচ ডি কুমাৰস্বামীয়ে ৰাজ্যপালৰ সাক্ষাৎ কৰাৰ বাবে সময় বিচাৰে৷ ৰাজ্যপাললৈ লিখা এখন পত্ৰত কংগ্ৰেছৰ সৈতে লগলাগি চৰকাৰ গঠন কৰাৰ প্ৰস্তাৱ মানি লোৱা বুলি কয়৷ কংগ্ৰেছ নেতা গোলাম নবী আজাদে কংগ্ৰেছ আৰু জেডিএছৰ ১১৭ বিধায়ক থকা বুলি কৈ চৰকাৰ গঠনৰ দাবী কৰে৷ 

মণিপুৰ, মেঘালয় আৰু গোৱাত কংগ্ৰেছ ডাঙৰ দল হোৱাৰ পিছতো সেই সময়ত নৈতিকতাৰ কথা মনত পৰা নাছিল বুলি বিজেপিক আক্ৰমণ কৰে আজাদে৷ যদি ৰাজ্যপালে এই সুবিধা প্ৰদান নকৰে তেন্তে আদালতৰ কাষ চাপিব বুলি কয় আজাদে৷ আনহাতে বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বিএচ য়েদুয়াৰাপ্পই এখন সংবাদ মেল সম্বোধন কৰি কৰ্ণাটকৰ ৰাইজক ধন্যবাই জনাই আৰু কংগ্ৰেছক ৰাইজে অস্বীকাৰ কৰা বুলি কয়৷ কংগ্ৰেছক জনগণে ৰেজেক্ট কৰাৰ পিছতো চৰকাৰ গঠন কৰিব বিচৰা কাৰ্যক সমালোচনা কৰে য়েদুয়াৰাপ্পই৷