মঙলদৈঃ শিকলিৰে বন্ধা বন্দীত্বৰ জীৱন কাৰো বাবে সুখকৰ নহয়৷ যেতিয়া ১২ বছৰীয়া নিজ সন্তানক শিকলিৰে বান্ধি দিন অতিবাহিত কৰিব লগা হয় তেতিয়া সেই যন্ত্ৰণা কেনেধৰণৰ হয় সেয়া ভূক্তভোগীয়ে বুজিব পাৰে৷

নিজ সন্তানক সুস্থ সবল শৰীৰৰ গৰাকী কৰিবলৈ পিতৃ-মাতৃয়ে বহু কষ্ট কৰে৷ দিনৰ দিনটো দুগ্ধ পান কৰাৰ পৰা চাফ চিকুণকৈ ৰখালৈ পিতৃ-মাতৃয়ে অশেষ কষ্ট কৰে৷ নিজ সন্তানটোৰ শৰীৰটো অকণমান গৰম হ'লে তত নাইকীয়া হয় পিতৃ-মাতৃৰ৷

তাৰ মাজতে এটি ১২ বছৰীয়া কিশোৰক শিকলিৰে বান্ধি চকুৰ সন্মুখত লৈ দুখৰ জীৱন অতিবাহিত কৰি আহিছে এটি পৰিয়ালে৷ আশ্বাসেই সহচৰ হৈ পৰিছে ছিপাঝাৰৰ এহাল দম্পতীৰ বাবে। শাৰীৰিক প্ৰতিবন্ধকতাৰ যন্ত্ৰণা কি সেয়া কেৱল শাৰীৰিক প্ৰতিবন্ধী আৰু পৰিয়ালেহে বুজি পায়।

ছিপাঝাৰাৰ ১২ বছৰীয়া জিন্তু নাথৰ পৰিয়ালেও বুজি পাইছে শাৰীৰিক প্ৰতিবন্ধকতাৰ যন্ত্ৰণা কি৷ জন্মৰ পাছত সুস্থ-সবলেই আছিল জিন্তু নাথ। কিন্তু দিন বাগৰাৰ লগে লগে ক্ৰমান্বয়ে অস্বাভাৱিক আচৰণ কৰিবলৈ লোৱা জিণ্টুৰ গতি-বিধি লক্ষ্য কৰি শংকিত হৈ পৰে পিতৃ-মাতৃ।

নিজ সন্তানক পঢ়াই-শুনাই ডাঙৰ মানুহ কৰাৰ সপোন দেখিছিল পিতৃ-মাতৃয়ে৷ চাৰি বছৰ বয়সৰ পৰা ক্ৰমাত আচৰণ অন্য দিশে ঢাল খায় জিন্তুৰ। মানসিক ৰোগীৰ দৰে আচৰণ কৰিবলৈ লোৱা জিন্তুক পিতৃ-মাতৃয়ে বেজ, বৈদ্য, ডাক্তৰৰ ওচৰলৈ নি চিকিৎসা কৰে যদিও সুস্থ হোৱাৰা কোনো লক্ষণেই দেখা নাপালে। ইতিমধ্যে ঘৰৰ সকলো সম্পদ এপদ এপদকৈ বিক্ৰী কৰি সৰ্বস্বান্ত হোৱা পিতৃ-মাতৃয়ে স্থানীয় বিধায়ক বিনন্দ শইকীয়াক বহু কাকুতি-মিনতি কৰে যদিও কোনো সহাৰি নাপালে।

আনহাতে টকাৰ অভাৱত বিগত তিনি বছৰ ধৰি চিকিৎসাৰ পৰাও বঞ্চিত হৈ আছে জিন্টু। লগৰ সমনীয়াৰ সৈতে খেল-ধেমালি কৰা, পৰিয়ালৰ লগত একেলগে এসাজ খোৱাৰ বিপৰীতে ১২ বছৰ বয়সতে জিন্টুৱে শিকলিৰে বান্ধ খায়েই জীৱনৰ মধুৰ সময় সময় অতিবাহিত কৰি কটাইছে বন্দীত্বৰ জীৱন।

দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ ঢেঁকীপাৰা গাঁৱৰ যতীন নাথ আৰু পূৰ্ণিমা নাথৰ একমাত্ৰ পুত্ৰ সন্তান জিন্টু নাথ। চাৰি বছৰৰ পৰা অস্বাভাৱিক আচৰণ কৰা জিন্টুক কোনোৱে মগজুৰ বিকাশপ্ৰাপ্তিত ব্যাঘাত জন্মা, একাংশই মানসিক ভাৰসাম্য হেৰুৱাই মানসিক ৰোগীলৈ পৰিৱৰ্তন হোৱা বুলি ক’ব বিচাৰে যদিও উপযুক্ত চিকিৎসা পালে জিন্তুও এদিন সুস্থ হৈ উঠিব বুলিও বিভিন্নজনে আশা ব্যক্ত কৰে।

দুখীয়াৰ চৰকাৰ বুলি উন্নয়নৰ শ্লগান দিয়া চৰকাৰী প্ৰতিনিধি হৈয়ো স্থানীয় বিধায়কগৰাকীয়ে জিন্টুক সহায় কৰিবলৈ ইচ্ছা প্ৰকাশ নাই কৰা বুলি পিতৃ-মাতৃয়ে আক্ষেপেৰে সংবাদ মাধ্যমৰ সন্মুখত ক্ষোভ ব্যক্ত কৰে৷ পৰিতাপৰ কথা যে দৰং জিলাত স্বেচ্ছাসেৱী অনুষ্ঠান কিম্বা দল-সংগঠন বহু আছে যদিও এই পৰ্যন্ত শিশুটিক সহায়ৰ বাবে আগবাঢ়ি অহা নাই কোনো লোক।

পিতৃ মাতৃৰ কাতৰ অনুৰোধ শিশুটোৰ চিকিৎসাৰ বাবে আগবাঢ়ি আহক দল সংগঠন তথা কোনো হৃদয়বান লোক। আনহাতে ঢেঁকীপাৰা গাঁৱৰ ৰাইজে স্থানীয় বিধায়ক বিনন্দ শইকীয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰি দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত থিয় দিবলৈ সময় নাপালে বুলি কয়৷