ডিজিটেল ডেস্কঃ অসম আৰু গুজৰাটৰ বান বিধ্বস্ত লোকসকলৰ দুখ-দুৰ্দশাৰ বতৰা লাভ কৰি হাহাকাৰ কৰি উঠিছে মিষ্টাৰ পাৰ্ফেকশ্যনিষ্ট বলীউড ছুপাৰষ্টাৰ আমীৰ খানৰ মন। দুয়োখন ৰাজ্যৰ বানক্ৰান্তসকলক সহায় কৰিবলৈ সকলোকে আগবাঢ়ি আহিবলৈকো আহ্বান জনাইছে অভিনেতাগৰাকীয়ে। 

বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্দশা প্ৰত্যক্ষ কৰি তেওঁ কিমান কষ্ট অনুভৱ কৰিছে সেয়া প্ৰকাশ কৰিছে মাইক্ৰ’ ব্লগিং ছাইট টুইটাৰৰ জৰিয়তে। এই সন্দৰ্ভত এটি ভিডিঅ’ টুইট কৰিছে অভিনেতাগৰাকীয়ে। ভিডিঅ'টোত তেওঁ বানাক্ৰান্ত লোকসকলক সমবেদনা জনোৱাৰ লগতে যিমান সম্ভৱ সিমানখিনিলৈকে তেওঁ সহায় আগবঢ়াব বুলিও সদৰী কৰে। 

'বন্ধুসকল, অসম আৰু গুজৰাটত আকৌ বান হৈছে। এই বানত বহু লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কেবাজনো লোকে প্ৰাণো হেৰুৱাইছে। গুজৰাটত বানে ভয়াৱহ ৰূপ লৈছে। অসমতো কেবাদিনো ধৰি বানে জটিল ৰূপ লৈছে। এনে দুৰ্দিনত আমি দুয়োখন ৰাজ্যৰ বানাক্ৰান্ত সকলক সহায়ৰ হাত আগবঢ়োৱা উচিত। দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ আমি পাৰ্যমানে সহায় আগবঢ়াব পাৰো। ময়ো সহায় আগবঢ়াবলৈ সিদ্ধান্ত লৈছো। আপোনালোকো আগবাঢ়ি আহক।’-জয়হিন্দেৰে সামৰণি মাৰি এইদৰে ভিডিঅ’ টুইটটোৰ জৰিয়তে দেশবাসীক বানাক্ৰান্ত লোকসকলক সহায় আগবঢ়াবলৈ আহ্বান জনাই আমিৰ খানে।

উল্লেখ্য যে প্ৰায় এমাহ ধৰি বানত ককবকাই থকা অসমত এতিয়ালৈ অৰ্ধশতাধিক লোকে প্ৰাণ হেৰুৱাৰ লগতে গৃহহীন হৈছে লক্ষাধিক লোক। আনহাতে গুজৰাটতো দিনিদয়েক পূৰ্বে নেৰানেপেৰা বৰষুণৰ ফলত হোৱা বানে এই পৰ্যন্ত প্ৰাণ লৈছে শতাধিক লোকৰ।

দুয়োখন ৰাজ্যৰ এনে ভয়াৱহ বান পৰিস্থিতিৰ বতৰা লাভ কৰি মৰ্মাহত হৈ পৰা ৫২ বৰ্ষীয় অভিনেতাজনে ভিডিঅ’ টুইটটোৰ জৰিয়তে যিমান পাৰি সিমান অধিক লোকক সাহায্য প্ৰদানৰ বাবে আহ্বান জনাইছে। ভিডিঅ’টোত তেওঁ আৰু কয় যে প্ৰাকৃতিক দুৰ্যোগৰ সমুখত মানুহ তেনেই অসহায় যদিও ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হোৱাসকলক সহায় আগবঢ়োৱাতো অতি প্ৰয়োজনীয়।