গোৰেশ্বৰঃ গোৰেশ্বৰৰ ৰাজপথত নিশা চলিল ছাত্ৰ সংগঠনৰ অভিযান৷ সংবাদ মাধ্যমত ঠিকাদাৰ প্ৰভূ আগৰৱালাই বন বিভাগৰ চকুত ধুলি দি ৰাজহ ফাকিৰে ভূটান পাহাৰৰ পৰা নামি অহা নৈৰ শিল-বালি কঢ়িয়াই থকা বুলি প্ৰচাৰ হোৱাৰ পাছতে নিশা গোৰেশ্বৰৰ ৰাজপথত ছাত্ৰ সংগঠনে অবৈধভাৱে শিল-বালি কঢ়িওৱা ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয়৷

বাক্সা জিলাৰ গোৰেশ্বৰত ঠিকাদাৰ প্ৰভূ আগৰৱালাৰ চাৰিখনকৈ অবৈধভাৱে শিল কঢ়িওৱা ডাম্পাৰ জব্দ কৰে গোৰেশ্বৰ আঞ্চলিক আক্ৰাছু আৰু আছুৱে৷ দেওবাৰে নিশা প্ৰায় ১১ বজাত কলাকুছিত সংগঠন দুটাই জব্দ কৰা এই চাৰিখন ডাম্পাৰে শুৱাগপুৰৰ পৰা শিল কঢ়িয়াই দৰং জিলাৰ বিভিন্ন অঞ্চললৈ নিয়াৰ বাবে যোজা চলাওতে জব্দ কৰে৷

এ-এচ-০১-এইচ চি ৮১৩৪, এ-এচ ০১-এইচ-চি-৮১৩৫, এ-এচ-০১-জিচি-৯৩০২ আৰু এএচ-০১জিচি-৮৭০৮ নম্বৰৰ ডাম্পাৰ কেইখনে দীৰ্ঘদিন ধৰি অবৈধভাৱে চালান নোহোৱাকৈ জিলাখনৰ পৰা আন জিলালৈ শিল-বালি নি থকাৰ অভিযোগ উঠাৰ পাছতে জব্দ কৰে সংগঠন দুটাই। গোৰেশ্বৰ আক্ৰাছু আৰু আছুই ১০-১২ ডাম্পাৰেৰে প্ৰতিদিনে শিল-বালি ৰাজহ ফাঁকি দি বন বিভাগৰ সম্পদ নীতিবহিৰ্ভূতভাৱে নথকাৰ অভিযোগ কৰে।

আগশাৰীৰ ঠিকাদাৰ প্ৰভূ আগৰৱালাৰ নিৰ্দেশতে হৈ আহিছে বুলি দীৰ্ঘদিন ধৰি ৰাইজে অভিযোগ উত্থাপন কৰি আহিছিল। ৰাজ্যৰ আগশাৰীৰ ঠিকাদাৰ প্ৰভূ আগৰৱালাই ৰাইজ, প্ৰশাসন আৰু বন বিভাগৰ চকুত ধূলি দি বনজ সম্পদ ধ্বংস কৰি চোৰাংকৈ বালি-শিল সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল৷

বাক্সা-কামৰূপ জিলাৰ গুৰুত্বপূৰ্ণ বাইহাটা চাৰিআলি-ৰামগাঁও নাগ্ৰীজুলি পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰাৰ সুবাদতে ক্ৰেছাৰ মেচিন বহুৱাই ঠিকাদাৰগৰাকীয়ে ৰাজ্যৰ আন ঠাইলৈ শিল বালি কঢ়িওৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷

বাইহাটা চাৰিআলি-ৰামগাঁও নাগ্ৰীজুলি পথ নিৰ্মাণৰ প্ৰয়োজনীয় শিল বালি ভাৰত-ভূটান সীমান্তৱৰ্ত্তী নৈৰ পৰা সংগ্ৰহ কৰাৰ বাবে অনুমতি লয় ঠিকাদাৰগৰাকীয়ে। কিন্তু ঠিকাদাৰগৰাকীয়ে দীৰ্ঘদিন ধৰি পথটোৰ গইনা লৈ দিনে-নিশাই ডাম্পাৰেৰ সৰবৰাহ কৰিছে বালি-শিল৷ ক্ৰেছাৰ বহুৱাই বালি শিল-পথটোত নেপেলায় ৰাজ্যৰ আন প্ৰান্তলৈ সৰবৰাহ কৰে৷

পথটো লেহেমীয়া গতিৰে নিৰ্মাণ কৰি তাৰ বিপৰীতে ৰাজ্যত শিল-বালিৰ নাটনিৰ অজুহাত দেখুৱাই শিল-বালি কৰ ফাঁকিৰে সৰবৰাহ কহিছে। বাইহাটা চাৰিআলিৰ-গোৰেশ্বৰ- বগামাটি পথছোৱা নিৰ্মাণৰ ঠিকা লাভ কৰি শিল বালিৰ নাটনি হোৱাৰ অজুহাত দেখুৱাই গোৰেশ্বব পথটো নিৰ্মাণত গুৰুত্ব নিদি ঠিকাদাৰজনে গুৱাহাটী, মঙলদৈ ঠাইলৈ শিল-বালি সৰবৰাহ কৰি আহিছে বুলিও অভিযোগ উত্থাপিত হৈছে৷