বিহালীঃ সদৌ অসম ছাত্ৰ সন্থাৰ জিনজিয়া আঞ্চলিক সমিতিয়ে সোমবাৰে অঞ্চলটোৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়৷ জিনজিয়া অঞ্চলৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰংগমঞ্চত সংগঠনটোৱে সম্বৰ্ধনা জনায়।

জিনজিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি উপমন্যুৰ সভাপতিত্বত অনুষ্ঠিত ৩২ গৰাকী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা, কিতাপ আৰু গছ পুলিৰে সম্বৰ্ধনা জনায়।

সভাত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকী, বিহালী স্নাতক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক ড০ টুনটুন বৰা, দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিত বৰুৱা, বিহালী খণ্ড প্ৰাথমিক স্বাস্থ্য বিষয়া ড০ যোগেন চন্দ্ৰ বৰুৱা, শিক্ষক আশীষ ঘটক, প্ৰধান শিক্ষক যোগেন বৰা, শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি অৰুপ বৰা, সহকাৰী সম্পাদক আজমত শ্বেস, নিতু বৰা, নৱজ্যোতি বৰুৱা, কুকিল হাজৰিকা, অৰূপ তামুলী, হেমন্ত সোনা, বিকাশ বৰা, আটছাৰ নেতা বাবুল গোৱালা, কমল ছুণ্ডী, জ্যেষ্ঠ সাংবাদিক অমিতাভ বৰুৱা, সাংবাদিক ৰোহিনী কৌডিন্য আৰু ভূপেন বৰা উপস্থিত থাকে।