কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ তিতাগুৰিত দিন-দুপৰতে এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক আততায়ীয়ে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা ঘটনাই ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়ছোৱাতে লাফিকুলৰ হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী তুলি অসম মিঞা পৰিষদে কাইলৈ অৰ্থাৎ ৫ আগষ্টত ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বানৰ তীব্ৰ বিৰোধিতা কৰিছে এবিএমছুৱে৷

আজি কোকৰাঝাৰত এবিএমছুৰ সাধাৰণ সম্পাদক শ্বাহকামাল খন্দকাৰে লাফিকুৰ হত্যাৰ আলম লৈ আহ্বান জনোৱা বন্ধই সমাজত অশান্তিৰ বাতাৱৰণৰ হে ইন্ধন যোগাব বুলি শংকা ব্যক্ত কৰি বন্ধই কোনো সমস্যাৰ সমাধান নকৰে আৰু সেয়েহে বন্ধৰ কাৰ্যসূচীক এবিএমছুৱে কোনোপধ্যে  সমৰ্থন নকৰে বুলি স্পষ্ট কৰি দিয়ে৷

এবিএমছুৱে সৰ্তীথ লাফিকুলৰ হত্যাকাণ্ড প্ৰকৃততে গণতন্ত্ৰৰ প্ৰতি ভাবুকি স্বৰূপ হিচাপেহে গণ্য কৰে আৰু সেয়েহে লাফিকুলৰ হত্যাকাণ্ডৰ বিৰুদ্ধে সকলোকে মাৰবান্ধি থিয় দিবলৈ খন্দকাৰে আহ্বান জনাইছে।

লাফিকুলৰ হত্যাকাণ্ড সন্দৰ্ভত ৩ আগষ্টৰ সন্ধিয়া মুখ্যমন্ত্ৰীৰ সৈতে অনুষ্ঠিত হোৱা বৈঠক ইতিবাচক বুলি উল্লেখ কৰি এবিএমছুৰ সম্পাদকগৰাকীয়ে এইক্ষেত্ৰত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰশংসনীয় পদক্ষেপৰ শলাগ লয়৷

চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াৰ প্ৰতিবেদন লৈ এবিএমছুৱে নিদিষ্ট সময়লৈহে বাট চাব বুলি  মন্তব্যৰে যদিহে তদন্তৰ প্ৰতিবেদন সন্তোষজনক নহয় তেনেহ'লে এবিএমছুৱে গণতন্ত্ৰৰ সপক্ষে ব্যাপক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে এবিএমছুৰ সম্পাদক শ্বাহকামাল খন্দকাৰে।