
কোকৰাঝাৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম এৰাৰ পিছ মুহূৰ্ততে কোকৰাঝাৰত অচিনাক্ত দুৰ্বৃত্তই দিন দুপৰতে গুলীয়াই হত্যা কৰে এজন ছাত্ৰ নেতাক। এই ছাত্ৰ নেতাজন হৈছে এবিএমছুৰ সভাপতি লাফিকুল ইছলাম।
কোকৰাঝাৰ চহৰৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ দূৰৈৰ তিতাগুৰিত সংঘটিত হয় এই ঘটনা। তিতাগুৰিৰ জে এন ট্ৰেডাৰ্চ নামৰ এখনত দোকানত থকা অৱস্থাতে লাফিকুলক গুলীয়াই হত্যা কৰে। এই ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰে সমগ্ৰ বিটিএডি।
দিন দুপৰতে এজন ছাত্ৰ নেতাক এনেদৰে গুলীয়াই হত্যা কৰাৰ প্ৰতিবাদত এবিএমছুৱে অনিৰ্দিষ্টকালীন বিটিএডি বন্ধৰ আহ্বান জনাইছে। ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণা দিছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।
কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও এই ঘটনাৰ তীব্ৰ নিন্দা কৰি দোষীক শীঘ্ৰে কৰায়ত্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। উল্লেখ্য যে ঘটনাটোত শুভংকৰ চক্ৰৱৰ্তী নামৰ আন এজন যুৱক আহত হয়।