মুছলপুৰঃ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে এবিএমছুৰ নেতৃত্ব৷ সংগঠনটোৰ সভাপতি লাফিকুল ইছলামৰ হত্যা কাণ্ডৰ সাতটা দিন অতিক্ৰম কৰাৰ পাছতো ৰাজ্য চৰকাৰে হত্যাকাৰীক আটক কৰিব নোৱাৰাত ক্ষোভিত হৈ পৰিছে ছাত্ৰ সংগঠনটো৷

ক্ষোভিত সংগঠনটোৰ নেতৃত্বই আজি সমগ্ৰ বিটিএডি অঞ্চলত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ এবিএমছুৰ ৫ শতাধিক সদস্যই মুছলপুৰত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷ অসম চৰকাৰ হায় হায়, বিটিএডি পৰিষদ হায় হায়, লাফিকুল হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক শ্ল’গানেৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে৷

এবিএমছুৱে ৰাজ্য চৰকাৰে লাফিকুল হত্যাকাৰীক গ্ৰেপ্তাৰৰ ক্ষেত্রত হোহোকা পিছলা কৰাৰ অভিযোগ উত্থাপন কৰে। হত্যাকাণ্ডৰ তদন্ত দায়িত্ব চিবিআইক দিয়া, কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙক নিলম্বন কৰা, লাফিকুলৰ হত্যাকাৰীক তৎকালে গ্ৰেপ্তাৰ কৰি ফাচী দিয়াৰ দাবী জনায় সংগঠনটোৱে৷ দাবী পূৰণ নকৰিলে ১০ আগষ্টৰ পৰা ব্যাপক গণতান্ত্ৰিক আন্দোলনেৰে অসম কপাই তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে।