
ডিজিটেল ৰিপ'ৰ্টঃ তেওঁৰ ঘৰ ক’ত, ক’ৰ পৰা আহিছে কোনেও নাজানে৷ তেওঁৰ শৈশৱ-যৌৱনৰ কথাও কোনেও নাজানে৷ তেওঁ এতিয়া বসবাস কৰি থকা চহৰখনৰ লোক হয় নে নহয় সেই কথাও কোনেও নাজানে৷ কেইদিনমানৰ আলহী হৈ আহিছিল তেওঁ৷ মানুহৰ আদৰ-মৰম লাভ কৰি এদিন-দুদিনকৈ বহু বছৰ পাৰ কৰিলে চহৰখনত৷ এখন সম্ভ্ৰান্ত চহৰৰ বাসিন্দা যদিও তেওঁৰ নাই নিজস্ব ঠিকনা৷
♦ সোধ-পোছৰ বাবে ৩জনক আটক
♦ যোৰহাট সদৰ আৰক্ষীৰ গোচৰ ৰুজু
তেওঁ ঠিকনাবিহীন যাযাবৰ৷ দাড়ি-গোফে ভোবোকাৰ মুখমণ্ডলৰ মানুহজনক চহৰখনৰ সকলোৱে চিনি পায়৷ তেওঁক দেখিলে বিখ্যাত সৃষ্টিৰ সাগৰত ডুবি থকা শিল্পী যেন লাগে৷ পদপথত কেইবাটাও ঠিকনা আছে তেওঁৰ৷ পানীৰ বটল, পলিথিনিত আটোমটোকাৰিকৈ বান্ধি ৰখা নানা সামগ্ৰীৰ অধিকাৰী তেওঁ৷ পদপথৰ গুহা সদৃশ ঠাইত থাকিও পৃথিৱীৰ সকলোতকৈ সুখী মানুহ তেওঁ৷
বহুতে তেওঁক পাগল আখ্যা দিয়ে৷ কিন্তু তেওঁ কোনো দিনে পাগলামি কৰা চহৰখনৰ লোকে দেখা নাই৷ নিজস্ব পৃথিৱীৰ ৰঙত বিভোৰ হৈ থাকে তেওঁ৷ কাৰো সৈতে মনোমালিন্য, হাই-কাজিয়া নকৰে তেওঁ৷ সুবিশাল আট্টালিকা নাথাকিলেও পদপথতে সুখী তেওঁ৷ ভাঙি ছিঙি জহি খহি যোৱা এটি ছালিৰ ঘৰ প্ৰতিদিনে তেওঁৰ হৈ পৰে৷ বহুতৰে দৃষ্টিত তেওঁ মানসিক ৰোগী৷ হ’লেও তেওঁ এজন মানুহ৷ তেওঁৰ নাম চহৰখনৰ কোনেও নাজানে যদিও তেওঁ বাস কৰা চহৰখনৰ নাম হৈছে যোৰহাট৷ বহুতে তেওঁৰ ঘৰ যোৰহাটৰ কালিয়াগাঁৱত বুলিও ক’ব খোজে।
যোৰহাট চহৰৰ পদপথত বসবাস কৰি থকা এই লোকজনক দেহত এচিড ছটিয়াই আসুৰিক তৃপ্তি ল’লে সভ্য সমাজৰ এগৰাকী লোকে৷ নিষ্ঠুৰতাৰো এটা সীমা থাকে৷ চুৰি কৰাৰ সন্দেহত এচিড ছটিয়াই আক্ৰমণ কৰে তেওঁক৷ যোৰহাটৰ কালিয়নীত এখন ধাবাৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে এছিড ছটিওৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে৷
ধাবাখনৰ গৰাকী অংকুৰ বৰুৱাই হেনো লোকজনক চুৰি কাৰ্যত জড়িত থকাৰ সন্দেহত দেহত এচিড ছটিয়াই শাস্তি দিয়ে। একাংশ লোকে যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰে তেওঁক৷ অসহ্যকৰ যন্ত্ৰণাত ছটফটাই থকা লোকজনক মানসিক ৰোগী নে লোকজনৰ দেহত এচিড ছটিওৱাজনহে মানসিক ৰোগী তাক লৈ চৰ্চা হৈছে সম্ভ্ৰান্ত চহৰখনত৷
লোকজনৰ আশুআৰোগ্য কামনা কৰি বহু লোকে প্ৰাৰ্থনা কৰা বুলিও জানিব পৰা গৈছে৷ এচিড ছটিওৱা বুলি অভিযোগ উঠা লোকগৰাকীৰ বিৰুদ্ধে তদন্তৰ জৰিয়তে শাস্তি বিহিবলৈকো দাবী জনাইছে যোৰহাটবাসীয়ে৷
ইয়াৰ মাজতে শুকুৰবাৰে যোৰহাট সদৰ আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ৩জনকৈ লোকক সোধ-পোছৰ বাবে আটক কৰে। কেইজনমান সচেতন লোকে আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰৰ ভিত্তিতে লোককেইজনক সোধ-পোছৰ বাবে আটক কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত ১৪৬৭/২০১৭ নম্বৰত এটি গোচৰো ৰুজু কৰিছে যোৰহাট সদৰ আৰক্ষীয়ে।
• With inputs from NNO Jorhat and NNO Mariyani •