ওৰাংঃ আগন্তুক স্বাধীনতা দিৱস শান্তিৰে পালন কৰিবলৈ সষ্টম হৈ পৰিছে ওৰাং আৰক্ষী৷ উগ্ৰপন্থীৰ কুটাঘাটমূলক কাৰ্য ৰোধ কৰাৰ বাবে বিশেষ পহৰাৰো ব্যৱস্থা কৰিছে৷

স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যৰ লগতে ওৰাং থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত ওৰাং আৰক্ষীয়ে তৎপৰতাৰে অব্যাহত ৰাখিছে তালাচী অভিযান।

বৰষুণকো নেওচি স্পৰ্শকাতৰ ওদালগুৰি জিলাৰ পূব প্ৰান্তত ওৰাং আৰক্ষীয়ে গাড়ী-মটৰত তালাচী চলাই আহিছে৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা পৰিলক্ষিত হৈছে৷