08
Aug
2017

নগাঁওঃ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি ল'লে অসমীয়া চলচিত্ৰ আৰু নাট্য জগতৰ বলিষ্ঠ অভিনেতা নীলু শৰ্মাই৷
নগাঁও জিলাৰ পুৰণিগুদাম তেলিয়াগাঁৱৰ নতুন তিনিআলিৰ নিজা বাসভৱনত হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অভিনেতাজনে ৷
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৮ বছৰ ৷ প্ৰায় দুটা দশক ধৰি বহুকেইখন অসমীয়া চলচিত্ৰ আৰু ধাৰাবাহিকৰ লগতে মঞ্চত অভিনয় কৰি দৰ্শকৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল অভিনেতাগৰাকীয়ে৷
জনপ্ৰিয় অভিনেতাজনৰ অকাল মৃত্যুত সমগ্ৰ নগাঁও জিলাতে গভীৰ শোকৰ ছাঁ বিয়পি পৰিছে৷