গোৰেশ্বৰঃ কোকৰাঝাৰত এবিএমছুৰ সভাপতি লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ পিছত উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে সষ্টম হৈ আছে অসম আৰক্ষী। সমগ্ৰ বিটিএডিতে চোকা নজৰ ৰাখি তদন্ত প্ৰক্ৰিয়াক আগুৱাই নিয়াৰ যত্ন অব্যাহত ৰাখিছে আৰক্ষীয়ে।

আজি কোকৰাঝাৰৰ ঘটনাৰ পিছত সাম্প্ৰতিক পৰিস্থিতিৰ বুজ ল'বলৈ বাক্সা জিলাৰ গোৰেশ্বৰত হঠাৎ উপস্থিত হয় বিশেষ সঞ্চালক প্ৰধান কুলধৰ শইকীয়া। শেহতীয়া পৰিস্থিতি সম্পৰ্কে গোৰেশ্বৰ অঞ্চলৰ বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গৰ সৈতে মত বিনিময় কৰে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।

বিশেষ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই সকলো জাতি-জনগোষ্ঠী, ভাষা-ভাষী লোকৰ মাজত সদ্ভাৱ-সমন্বয়ৰ এনাজৰি ডাল কটকটীয়া কৰি ৰাখিবলৈ দল-সংগঠন সমূহলৈ আহ্বান জনায়। সঞ্চালক প্ৰধান জনে শীঘ্ৰেই এই ঘটনাৰ লগত জড়িত প্ৰকৃত অপৰাধীক কৰায়ত্ত কৰিব পৰা যাব বুলি উল্লেখ কৰে।

লগতে এই ক্ষেত্ৰত নিৰপেক্ষ তদন্তৰ পোষকতাৰে তেওঁ কয় যে কোনো আৰক্ষীৰ শীৰ্ষ বিষয়া জড়িত হৈ থকাৰ প্ৰমাণ পালে তেওঁৰ ওপৰতো আইনগত ব্যৱস্থা লোৱা হ'ব। অৱশ্যে তদন্ত প্ৰক্ৰিয়া শেষ হোৱাৰ পিছতহে সকলো কথা পোহৰলৈ আহিব বুলি তেওঁ কয়।এই  বৈঠকত বাগসা জিলা আৰক্ষী অধীক্ষক  বিনয় কলিতা, এচডিপিঅ তামুলপুৰ, গোৰেশ্বৰ আৰক্ষী থানাল ভাৰপ্ৰাপ্ত বিষয়া হেৰাম্ব গোস্বামী আৰু কাউৰবাহা আৰক্ষী চকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত থাকে।