কলিয়াবৰ/বাঘবৰঃ যোৱা ১৭ জুলাইত বৰশী বাবলৈ টোপ বিচাৰি ফুৰোতে পূৰ্বৰে পৰা মাটিত পৰি থকা বিদ্যুতৰ তাঁৰত লাগি আকাশ ৰায় নামৰ লখিমপুৰ জিলাৰ ১নং কাৱৈমাৰীৰ পঞ্চম শ্ৰেণীৰ এজন ছাত্ৰৰ থিতাতে মৃত্যু হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰাই পথত পৰি থকা তাৰত লাগি এজন লোকৰ মৃত্যু হোৱাৰ লগতে শিশু সহ পাঁচগৰাকী লোক গুৰুতৰভাৱে আহত হোৱাত ৰাজ্যত পুনৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

যোৱা ১৪ জুলাইত গুৱাহাটীৰ কৃত্ৰিম বানৰ ফলত পথত জমা হোৱা পানীত পৰি তাৰত লাগি চিৰিয়াখানাৰ ওচৰত পুষান কলিতা আৰু আনোৱাৰ হুছেইনৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে প্ৰায় ৪১ গৰাকী লোকে বিদ্যুৎ বিভাগৰ গাফিলতিত মৃত্যু মুখত পৰিছে।

ইয়াৰ পিছত আজি পুনৰ নগাঁও জিলাৰ কলিয়াবৰৰ ভূঞাপট্টিত পথত পৰি থকা তাৰে প্ৰাণ লয় এজন লোকৰ৷ মিছা-ভূঞাপট্টিৰ ত্ৰিশ বছৰীয়া দিলীপ দেৱ নামৰ লোকগৰাকীয়ে বজাৰৰ পৰা ভূঞাপট্টি পথেৰে ঘৰলৈ খোজকাঢ়ি গৈ থকা অৱস্থাত পূৰ্বৰে পৰা পৰি থকা তাৰত লাগি থিতাতে মৃত্যু হয়৷ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি কলিয়াবৰৰ ৰাইজে ক্ষোভ ব্যক্ত কৰে৷

ৰাজ্যত বানৰ কবলত পৰি যিমান লোকৰ মৃত্যু হ'ল তাতকৈ বেছি লোকৰ প্ৰাণ কাঢ়িলে অকামিলা বিদ্যুৎ পৰিষদে ৷ আনহাতে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে আজি বাঘবৰতো সংঘটিত হল অঘটন৷ পথত ছিঙি পৰি থকা বিদ্যুৎ প্ৰবাহিত তাৰত লাগি চাৰিগৰাকীকৈ শিশু গুৰুতৰ ভাবে আহত হোৱাত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ ভৈৰাৰপাম অঞ্চলৰ ৰাইজ৷

জানিব পৰা মতে, ভৈৰাৰপাম গাঁৱৰ মাজেৰে যোৱা গ্ৰাম্য পথ এটিত বিদ্যুতৰ তাৰ ছিঙি পৰি থকাত পথটোৰে খোজকাঢ়ি গৈ থকা চাৰিগৰাকী শিশুক স্পৰ্শ কৰে৷ ফলত শিশুসহ ৫ গৰাকী লোক গুৰুতৰভাৱে আহত হয়। বিদ্যুত বিভাগৰ হেমাহিৰ ভাবে বিদ্যুৎ পৰিবাহী তাৰ ছিঙি থকাৰ পিছতো সংযোগ নিদিয়াৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷

৪ বছৰীয়া ছুহানা পাৰবিন, তামান্না খানম আৰু ৮ বছৰীয়া জুনাইদ জাকাৰিয়া গুৰুতৰভাৱে আহত হয়৷ আনহাতে মৰসাহ কৰি শিশুসকলক বচাবলৈ গৈ ছুৰত জামাল (৩৫) নামৰ লোকজনো গুৰুতৰভাৱে আহত হয়। ততাতৈয়াকৈ স্থানীয় লোকে মন্দিয়া আদৰ্শ চিকিৎসায়ত ভৰ্তি কৰায় শিশুকেইটাক৷ শিশুকেইটাৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ স্থানীয় ৰাইজে শক্তি মন্ত্ৰী পল্লৱ লোচন গ’ বেক আৰু বিদ্যুত বিভাগ গ’ বেক ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে৷