গুৱাহাটীঃ সেউজ বিপ্লৱৰে অৰ্থনৈতিক ভাবে সবল হৈছে এখন গাঁও। নিবনুৱা সমস্যাই সমগ্ৰ ৰাজ্যতে গ্ৰাস কৰাৰ সময়তে কল আৰু তামোল খেতিৰে স্বাৱলম্বিতাৰ পথ মুকলি কৰিছে ঐতিহাসিক গোভা ৰাজ্যৰ দাবৰঘাতৰ এদল উদিয়মান যুৱকে।

গাঁওখনৰ প্ৰতি ঘৰ মানুহৰে ২০ৰপৰা ৩০ বিঘা বিভিন্ন প্ৰকাৰৰ উন্নত মানৰ কল আৰু তামোল খেতি। পিছে নিবনুৱা সমস্যা দূৰ কৰা কথা কোৱা জাতি-মাটি-ভেটিৰ চৰকাৰে এই খেতিয়কসকলক দিয়া নাই গুৰুত্ব। এই গাঁৱৰ ৰাইজে আজিলৈকে পোৱা নাই কোনো চৰকাৰী সাহায্য।