
কাকপথাৰঃ কাকপথাৰৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত অব্যাহত আছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিৰ ৩৬ ঘণ্টীয়া অনশন কাৰ্যসূচী। কালি পুৱা ৬ বজাৰপৰা কাকপথাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চৌহদত এই অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছিল সংগঠনটোৱে।
মূলতঃ কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন ৩০ খন বিচনাযুক্ত কৰা আৰু ডিৰাক চুমনি বান্ধৰ স্থায়ী সমাধানৰ দাবীতে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সংগঠনটোৱে। কাৰ্যসূচীৰ শেষত আজি বিয়িলৰ ভাগত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়।
এই সভাত ডুমডুমা ৰাজহ চক্ৰ বিষয়া, কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া, কাকপথাৰ প্ৰেছ ক্লাৱৰ সম্পাদকৰ উপস্থিতিত অসমৰ মুখ্য মন্ত্ৰী, স্বাস্থ্য মন্ত্ৰী, স্থানীয় সাংসদ আৰু স্থানীয় বিধায়কলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।
উল্লেখ্য যে বৰ্তমানে কাকপথাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ৫জন চিকিৎসকৰ পৰিৱৰ্তে তিনিজন চিকিৎসকহে আছে। কিছুদিন পূৰ্বে ডিব্ৰুগড়ৰ পৰা নতুনকৈ আহি যোগদান কৰা ডাঃ বন্দনা বৰ্মন নামৰ চিকিৎসকগৰাকী মুখ্য চিকিৎসক ডাঃ সমুদ্ৰ পৱন চেতিয়াৰ মইমতালি আৰু অভদ্ৰ আচৰণৰ বাবে আন ঠাইলৈ বদলি ল’বলৈ বাধ্য হৈ পৰে বুলিও আজিৰ প্ৰতিবাদী সভাত অভিযোগ কৰে একাংশ লোকে।