ডিজিটেল ৰিপ'ৰ্টঃ এবিএমছুৰ সভাপতি তথা বিটিএডিৰ অন্যতম প্ৰতিবাদী কণ্ঠ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যতে সৃষ্টি কৰিছে চাঞ্চল্যৰ। বিটিচি সচিবালয়ৰ নিকটতে তথা মূল পথৰ লগতে থকা ব্যৱসায় প্ৰতিষ্ঠানৰ ভিতৰলৈ অস্ত্ৰসহিতে দুষ্কৃতিকাৰী সোমাই গৈ শূন্য দূৰত্বৰ পৰা গুলীচালনা কৰি নিৰ্বিঘ্নে আঁতৰি যোৱা ঘটনাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।                        

NNO চৰাইদেউঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে এই ঘটনাৰ তীব্ৰ নিন্দা কৰি দোষীক শীঘ্ৰে কৰায়ত্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

NNO ডিব্ৰুগড়ঃ উক্ত ঘটনাক তীব্ৰ গৰিহণা দিছে সাংবাদিক সুৰক্ষা মঞ্চ, অসমে। ঘটনাটোৰ ন্যায়িক তদন্ত দাবী কৰাৰ লগতে শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ বিটিএডিৰ ৰাইজক আহ্বান জনাইছে সাংবাদিক সুৰক্ষা মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত  সভাপতি ছিৰাজুল ইছলাম অাৰু সম্পাদক জোতিষ কুমাৰ পাতিৰৰ লগতে ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ক্ৰমে সম্পাদক প্ৰাঞ্জল গগৈ আৰু তপন কুমাৰ শইকীয়াই।

NNO ৰঙিয়াঃ লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ পাছতে সমগ্ৰ ৰাজ্যৰ লগতে ক্ষোভত ফাটি পৰিছে ৰঙিয়া। ৰঙিয়াৰ সমীপৰ বাক্সা জিলাৰ খন্দিকৰ, ধেপাৰগাওঁ, কাউৰবাহা, দাৰকুছিত পথ অৱৰোধ কৰি লাফিকুলৰ হত্যাকাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে এবিএমছুৱে। লাফিকুলৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ আগতে দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীসকলে।
                                                
NNO ওদালগুৰিঃ কোকৰাঝাৰৰ এবিএমছু নেতাক দিন-দুপৰতে গুলীয়াই হত্যা কৰা ঘটনাক তীব্ৰ গৰিহণা দিছে ওদালগুৰি জিলা ছাত্ৰ সন্থা, মহকুমা ছাত্ৰ সন্থা, জিলা এবছু আৰু ইউপিপিএলে। দোষীক উপযুক্ত শাস্তি প্ৰদানৰ লগতে সকলো জাতি-জনগোষ্ঠীক শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছে সংগঠন কেইটাই।

NNO খাৰুপেটীয়াঃ কোকৰাঝাৰৰ তিতাগুৰিত এবি আমছুৰ সভাপতি লাফিকুল ইছলামক দূৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ প্ৰতিবাদত আজি সন্ধিয়া ৭ বজাত দৰঙৰ বিভিন্ন ঠাইত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাজপথ উত্তাল কৰি তোলে আমছু, সংখ্যালঘু সংগ্ৰাম পৰিষদ, মুছলিম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনে। সংগঠনসমূহে খাৰুপেটীয়া কলেজ ৰ্টানিং, দলগাঁও আৰু বেছিমাৰী ৰাজপথত অৱৰোধ চলি থকাৰ সময়তে গৃহ দপ্তৰৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে। প্ৰায় এঘণ্টা সময় পথ অৱৰোধৰ ফলত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰে। ৪৮ ঘণ্টাৰ ভিতৰত হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰিলে সংখ্যালঘু সংগঠনসমূহে ভয়াৱহ কাৰ্যসূচী হাতত ল’ব বুলি হুংকাৰ দিয়ে।

NNO সৰভোগঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলামৰ হত্যাকাণ্ডক কঠোৰ ভাষাৰে নিন্দা কৰিছে ভাৰতৰ গনতান্ত্ৰিক যুৱ ফেডাৰেছনৰ অসম ৰাজ্যিক কমিটিয়ে। লাফিকুল ইছলামক দিন-দুপৰতে হত্যা কৰা ঘটনাই বৰ্তমান ৰাজ্যখনত আইন শৃংখলাৰ দিশটোৰ যে চৰম অৱনতি ঘটিছে সেয়া প্ৰমাণ কৰিছে বুলি মন্তব্য কৰে। এই ঘটনাৰ আৰ লৈ কোনো শক্তিয়ে যাতে শান্তি-সম্প্ৰীতি বিঘ্নিত কৰিব নোৱাৰে তাৰ বাবে সকলোকে সজাগ হৈ থাকিবলৈ ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে এক বিবৃতিৰ জৰিয়তে আহ্বান জনাইছে।

NNO গৰৈমাৰীঃ লাফিকুল ইছলামক হত্যাৰ প্ৰতিবাদত দক্ষিণ কামৰূপৰ চাম্পুপাৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰে আমছুৱে। হত্যাকাৰীক চিনাক্ত কৰি শাস্তিৰ দাবী তোলে সংগঠনটোৰ চাম্পুপাৰা কমিটিয়ে।

NNO নাওকাটাঃ আজি বিটিএডিৰ কোকৰাঝাৰত অচিনাক্ত আততায়ীয়ে এবিএমছুৰ সভাপতি লাফিকুল ইছলামক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰাৰ ঘটনাই উত্তপ্ত কৰি তুলিছে বিটিএডিৰ পৰিবেশ। এই ঘটনাৰ প্ৰতিবাদত আজি সন্ধিয়া প্ৰায় ৭. ৩০ মান বজাত বাগসা জিলাৰ বাঙালীপাৰাত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এবিএমছুৰ কৰ্মী তথা স্থানীয় লোকে। ওদালগুৰি-তামুলপুৰ পথত টায়াৰ জ্বলাই উত্তেজিত লোকে 'লাফিকুল হত্যাকাণ্ডৰ বিচাৰ লাগে, হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, অসম পুলিচ হায় হায়, সংখ্যালঘুৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা লাগে' আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে যান-বাহনৰ চলাচল প্ৰায় দুই ঘন্টা ধৰি বন্ধ কৰি ৰাখে।

পিছত সুৱাগপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এই ঘটনাক নিন্দা কৰি গৰিয়া-মৰিয়া দেশী জনগোষ্ঠীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক ফজলুল কৰিম হাজৰিকা, পূৱ ডেফেলী আঞ্চলিক সমিতিৰ সভাপতি মোবাৰক আলি, সম্পাদক আমিনুল আলি, এবিএমছুৰ পূৱ ডেফেলী আঞ্চলিক সমিতিৰ সভাপতি জিয়াউল আলী, সম্পাদক ফিৰোজ আলী, অসম গোৰ্খা সন্মিলনৰ বাগসা জিলাৰ সভাপতি পীতাম্বৰ পাঠক, সম্পাদক কৃষ্ণৰাজ সংগ্ৰোলা, গোৰেশ্বৰ প্ৰেছ গীল্ড, ডিমাকুছি প্ৰেছ ক্লাৱ আদিয়ে তীব্ৰ ভাষাৰে গৰিহণা দি সকলো পক্ষকে শান্তি অটুট ৰাখিবলৈ আৰু সংযমী হবলৈ আহ্বান জনাইছে।

NNO হৰিশিঙাঃ হৰিশিঙা আঞ্চলিক ছাত্ৰ সন্থাই এবিএমছুৰ সভাপতি লাফিকুল ইছলাম হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে৷ দোষীক চিনাক্ত কৰি শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক দাবী জনায় সংগঠনটোৱে।

NNO দেৰগাঁওঃ লাফিকুল ইছলামৰ হত্যাকৰীক আটক কৰাৰ দাবীত দেৰগাঁও আমছুৰ পথ অৱৰোধ৷ দেৰগাঁও চাৰিআলিত পথ অৱৰোধ কৰি সংগঠনটোৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদকাৰী সকলে সৰ্বানন্দ সোণোৱাল, হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ ধ্বনিৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰি ১২ঘণ্টাৰ ভিতৰত হত্যাকৰীক আটক কৰাৰ দাবী আটক কৰাৰ দাবী জনায়। ৩৭নং ৰাষ্টীয় ঘাইপথত যান-জঁটৰ সৃষ্টি হয়৷