নগাঁওঃ নগাঁও আৰক্ষীৰ অভিযানত জালত পৰিল দুধৰ্ষ ডকাইত। নগাঁও জিলা উপ-আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত এটি আৰক্ষীৰ দলে অভিযান চলাই জুৰীয়াত কৰায়ত্ত কৰে দুধৰ্ষ ডকাইত ইজ্জত আলিক।

ইজ্জতৰ পৰা এটা পিষ্টল, চাৰি ৰাউণ্ড সক্ৰিয় গুলী আৰু এখন পালছাৰ বাইক জব্দ কৰে আৰক্ষীয়ে। নগাঁৱৰ পলাশনিত সংঘটিত হোৱা ডকাইতিৰ কাণ্ডৰ লগতো জড়িত আছিল উত্তৰ খাটোৱালৰ ইজ্জত আলি নামৰ লোকজন। নগাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ইজ্জতক।