কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বালাজান তিনালীত বিগত বৰ্ষৰ ৫ আগষ্টত সংঘটিত হোৱা নাৰকীয় কাণ্ডই আজি এবছৰ পূৰ্ণ কৰিলে। অভিশপ্ত ৫ আগষ্ট বুলি পৰিচিতি লাভ কৰা উক্ত ঘটনাত উগ্ৰপন্থীৰ গুলীত ১৪জন নিৰীহ লোক নিহত হোৱাৰ লগতে শিশু মহিলা সহিতে ১৮ গৰাকী লোক আহত হৈছিল।

উগ্ৰপন্থীৰ গুলীত নিহত হোৱা নিৰীহ জনতাৰ স্মৃতিত আজি বালাজান তিনালীত জিলা প্ৰশাসনৰ উদ্যোগত আৰু বালাজান তিনালী বজাৰ সমিতিৰ সহযোগত এখন সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ লগতে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।

♦ বালাজান তিনালীৰ নাৰকীয় কাণ্ডৰ এবছৰ পূৰ্ণ
♦ জিলা প্ৰশাসনৰ উদ্যোগত বালাজান তিনালীত সৰ্বধৰ্ম প্ৰাৰ্থনা
♦ নিহত হৈছিল ১৪ জনকৈ নিৰীহ লোক

উক্ত অনুষ্ঠানত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী, জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰী, বিটিএডিৰ আইজিপি অনুৰাগ আগৰৱাল, জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং, সমাজকৰ্মী মাতলা হেমব্ৰম, বজাৰ কমিটিৰ সভাপতি আৰু সম্পাদক, আছু , আক্ৰাছু, এবছু , নাথ যোগী সন্মিলনীৰ নেতা-কৰ্মীকে ধৰি কেবা সহস্ৰাধিক জনতাই অংশগ্ৰহণ কৰে।

সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে বালাজান তিনালীৰ দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হোৱা সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সকলোকে শান্তিৰ হকে কাম কৰাৰ আহ্বান জনায়। বিগত বৰ্ষত সংঘটিত হোৱা বালাজান তিনালীৰ ঘটনাৰ ফলত গোষ্ঠী দ্বন্দৰ উকমুকনিৰ সৃষ্টি হৈছিল যদিও সকলো দল-সংগঠনৰ ধনাত্মক প্ৰচেষ্টা-সহযোগিতা আৰু জিলা প্ৰশাসনৰ অক্লান্ত প্ৰচেষ্টাৰ পৰিণতিত হে গোষ্ঠী দ্বন্দ সংঘটিত নহ'ল বুলি মন্তব্যৰে হাগ্ৰামা মহিলাৰীয়ে শান্তিৰ হকে কাম কৰা সকলো পক্ষলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

উক্ত ঘটনাটো এনডিএফবি সদস্যৰ দ্বাৰাই সংঘটিত হৈছিল বুলি মন্তব্য কৰি সন্ত্ৰাসবাদৰ কোনো জাত-পাত নাথাকে বুলিও উল্লেখ কৰে। উক্ত অনুষ্ঠানতে লাফিকুল ইছলাম আহমেদৰ পৰিয়ালবৰ্গলৈ অহা ৮ আগষ্টত বিটিচি চৰকাৰৰ তৰফৰ পৰা এককালীন দুই লাখ টকাৰ অৰ্থসাহায্য আৰু পৰিয়ালৰ দুই সদস্যক ফিক্সড পেত নিযুক্তি দিয়া হ'ব বুলি ঘোষণা কৰে। 

উল্লেখ্য যে আজি নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগতো বালাজান তিনালীত আন এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, আৰক্ষী অধীক্ষক ৰাজেন সিঙকে ধৰি কেবাটাও দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। ইয়াৰোপৰি ছাত্ৰ সংগঠনটোৱে নিহতৰ পৱিত্ৰ স্মৃতিত সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচীও ৰপায়ণ কৰে। আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নিহতৰ ফটো সাৱটি কেবাগৰাকী দূৰ্ভগীয়াই হুকহুকাই কান্দি উঠাৰ লগতে শোকত ঢলিও পৰে।