
নগাঁওঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি বটদ্ৰৱা থানত পূৰ্বৰ পৰম্পৰা অক্ষুন্ন ৰাখি অহা ২০ মাৰ্চৰপৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে শ্ৰী শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা আৰু ফাকুৱা মহোৎসৱ ভাগ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে। তদুপলক্ষে পৰিচালনা সমিতিয়ে স্বাস্থ্য, পানী যোগান, আপ্যায়ন, বিজুলী, স্বেচ্ছাসেৱক, সাংস্কৃতিক, ধৰ্ম্মীয়কে আদি কৰি ১০ খন উপসমিতি গঠন কৰি পৃঠকে পৃঠকে প্ৰস্তুতি চলাইছে।
প্ৰায় দহ লাখ ভকত বৈষ্ণৱৰ আগমন ঘটিবলগীয়া বটদ্ৰৱা থানৰ দৌল উৎসৱক লৈ তৎপৰ হৈছে নগাঁও জিলা প্ৰশাসনো৷ ইয়াৰ অংশহিচাপে নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াই যোৱা ৪ মাৰ্চত চৰকাৰী বিভাগ সমূহকলৈ ইতিমধ্যে সভা অনুষ্ঠিত কৰে৷ তদুপৰি বৃহস্পতিবাৰে বটদ্ৰৱা থানৰ আলোচনা কক্ষত দৌল যাত্ৰা মহোৎসৱৰ কাৰ্য্যসূচী ভাগ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।
কাৰ্যসূচী উন্মোচন কৰি নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে দৌল উৎসৱৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে দেশ তথা ৰাজ্যৰ ভকত বৈষ্ণৱক বৰদোৱাৰ দৌল উৎসৱত অংশ গ্ৰহণ কৰি কৃষ্ণ ভক্তিত বিলীন হ’বলৈ আমন্ত্ৰণ জনাইছে। পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰাই পঞ্চদশ শতিকাতে গুৰুজনাই বটদ্ৰৱাত পোন প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা শ্ৰী কৃষ্ণৰ ভক্তি উৎসৱটিৰ ইতিহাস ব্যাখ্যা আগবঢ়ায়।
থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত কোষাধ্যক্ষ ঘনশ্যাম নাথ, সহকাৰী সম্পাদক লক্ষী বৰা, যোগেন শইকীয়াকে প্ৰমুখ্য কৰি পৰিচালনা সমিতিৰ সদস্য সকল উপস্থিত থাকে৷