বিহালীঃ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে দলটোক শক্তিশালী কৰাৰ বাবে উঠি পৰি লাগিছে বিজেপিৰ নেতা-কৰ্মী৷ গাঁৱে-ভূঞে সভা সমিতি অনুষ্ঠিত কৰি দলটোৱে চলাই গৈছে প্ৰচাৰ৷

বিহালীৰ জিনজিয়া পঞ্চায়ত সভাকক্ষত আজি বিজেপিৰ বাঘমৰা মণ্ডলৰ সভাপতি দধিৰাম শৰ্মাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়৷ সভাত বিজেপিৰ মহিলা মৰ্চাৰ বাঘমৰা সমিতি গঠন কৰা হয়।

মমী দৈমাৰীক সভানেত্ৰী, বীণা তিমুংপীআৰু বীণা তিমুংপীক উপ-সভানেত্ৰী, বীণু বাঢ়ৈ, শিপ্ৰা পাল আৰু ৰিজুমণি হাজৰিকাক সম্পাদিকা,  হিচাপে লৈ ৩১ জনীয়া শক্তিশালী মহিলা মৰ্চাৰ সমিতি গঠন কৰা হয়।

সভাত বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত, বিশ্বনাথ জিলা বিজেপিৰ সভাপতি পৰেশ বৰকাকতি, মহিলা মৰ্চাৰ জিলা সভানেত্ৰী মধুস্মিতা হাজৰিকা সহিতে প্ৰায় পাঁচ শতাধিক বিজেপিৰ নেতা-কৰ্মী উপস্থিত থাকে।