আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ বিগত ২৪ ঘণ্টাত বিশ্বনাথ জিলাৰ সোলেঙী, ব্ৰহ্মাজান, ছত্ৰং, চেঁচা, ঘিলাধাৰী, বুৰৈ, বৰগাং আদি প্ৰায়কেইখন উপনৈৰে জলস্তৰ সামগ্ৰিকভাৱে ঊৰ্ধ্বগামী হৈ থকাৰ বিপৰীতে গহপুৰ, হেলেম আৰু বিশ্বনাথত ব্ৰহ্মপুত্ৰৰ জলস্তৰ সোমবাৰে সন্ধিয়াৰ ভাগলৈ সামান্য অৱনমিত হোৱা পৰিলক্ষিত হৈছে। 

বিপৰীতে নদুৱাৰত ই অপৰিবৰ্তিত হৈয়েই আছে। অৱশ্যে জিলাখনৰ সামগ্ৰিক বান পৰিস্থিতিৰ আজিও বিশেষ উন্নতি ঘটা পৰিলক্ষিত হোৱা নাই। জিলাখনৰ ঠাইবিশেষে বহুকেইটা পথ জলমগ্ন হৈ থকাৰ বিপৰীতে সোলেঙী আৰু ছত্ৰং নৈৰ দুয়ো পাৰ ব্যাপক খহনীয়াৰ কবলত পৰিছে। উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ড আৰু আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনে সোমবাৰে গহপুৰ আৰু হেলেমৰ বান প্ৰভাৱিত এলেকা পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ অৱস্থাৰ বুজ লয়। 

উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে সোমবাৰে এলেকাটোত কৰ্মৰত উদ্ধাৰকাৰী দলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে হেলেম ৰাজহ চক্ৰৰ ডাঠকলাত স্থাপিত আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰা লোকসকলৰ লগতো মত বিনিময় কৰে। বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য, পৰিষ্কাৰ খোৱা পানী যোগান, নিয়মীয়া স্বাস্থ্য পৰীক্ষা, পোহনীয়া জীৱ-জন্তুৰ আশ্ৰয় আৰু খাদ্যৰ সুব্যৱস্থা আদি যথোপযুক্তভাৱে কৰা হৈছেনে নাই তাৰ বুজ লোৱাৰ উপৰি প্ৰশাসনীয় মূৰব্বীদ্বয়ে দুৰ্গত এলেকাসমূহত অব্যাহত থকা উদ্ধাৰ অভিযানৰো পৰ্যালোচনা কৰে।

উল্লেখযোগ্য যে, এইবাৰৰ বানত সোমবাৰে দুপৰীয়া পৰ্যন্ত বিশ্বনাথ জিলাৰ মুঠ ১৩৫ খনকৈ ৰাজহ গাঁও ক্ষতিগ্ৰস্ত হৈছে। বিশ্বনাথ ৰাজহ চক্ৰৰ ১০ খন, গহপুৰৰ ৬৬ খন, হেলেম ৰাজহ চক্ৰৰ ৫২ খন আৰু নদুৱাৰ ৰাজহ চক্ৰৰ ৭ খন গাঁৱৰ প্ৰায় ৮২ হাজাৰ লোক বানৰ কবলত পৰিছে। সাম্প্ৰতিক বানত জিলাখনৰ ৬৫৭৪ হেক্টৰ কৃষিভূমি প্লাবিত হৈছে। জিলাখনৰ প্ৰায় ২৭৭০ টা সৰু-বৰ পশুধন বানৰ কবলত পৰিছে। অৱশ্যে বানত এই পৰ্যন্ত কোনো লোকৰ প্ৰাণ হেৰুওৱাৰ খবৰ অহা নায়৷ 

বিশ্বনাথ জিলা প্ৰশাসনৰ তৎপৰতাত এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ জোৱানসকলে জিলাখনৰ বানপীড়িত এলেকাত আবদ্ধ লোকসকলৰ উদ্ধাৰৰ কাম অব্যাহত ৰাখিছে। উদ্ধাৰকাৰী দলসমূহে সোমবাৰে দুপৰীয়া পৰ্যন্ত দুই শতাধিক লোকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। 

স্বাস্থ্য বিভাগে গঠন কৰা বিশেষ চিকিৎসা গোটে বানাক্ৰান্ত এলেকাৰ ৰাইজক অহৰ্নিশে সেৱা আগবঢ়াইছে। হেলেম ৰাজহ চক্ৰৰ ডাঠকলা বজাৰ গৃহত স্থাপন কৰা দুটা আশ্ৰয় শিবিৰত ২৫৯ গৰাকী লোকে আৰু নদুৱাৰ ৰাজহ চক্ৰৰ গোঁসাইচাপৰি মধ্য ইংৰাজী বিদ্যালয়ত স্থাপন কৰা এটা আশ্ৰয় শিবিৰত ১৪০ গৰাকী লোকে আশ্ৰয় গ্ৰহণ কৰিছে। 

বানপীড়িত লোকৰ মাজত সোমবাৰে দুপৰীয়া পৰ্যন্ত ৫৭৪.৮২৪ কুইণ্টল চাউল, ১০৬.৩৭৮ কুইণ্টল দাইল আৰু ৯.৫১৫৭ কুইণ্টল নিমখ বিতৰণ কৰা হৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগে পৰিষ্কাৰ খোৱা পানীৰ পেকেট প্ৰস্তুত কৰি বানাক্ৰান্ত ৰাইজৰ মাজত নিয়মীয়াকৈ বিতৰণ কৰি আছে। পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত জিলাখনৰ বান প্ৰভাৱিত এলেকাত সোমবাৰে পৰ্যাপ্ত পৰিমাণৰ পশু খাদ্য বিতৰণ কৰা হৈছে। 

জৰুৰীকালীন পৰিস্থিতিত যোগাযোগৰ বাবে জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সৌজন্যত ইতিমধ্যেই ২৪ ঘণ্টাই সক্ৰিয় এক নিয়ন্ত্ৰণ কক্ষ মুকলি কৰা হৈছে। যোগাযোগৰ নম্বৰসমূহ হৈছে ০৩৭১৫-৮৮৮০৮৬, +৯১-৬০০২৬৬৮৮৭৩ আৰু টোল ফ্ৰী নম্বৰ ১০৭৭।