
বোকাজানঃ বোকাজান অসামৰিক চিকিৎসালয়ত কৰ্মৰত দুই চিকিৎসক ডা: তিম'থি পুডাইটে আৰু ডা: লুনচে কিলিঙৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে বোকাজানবাসী ৰাইজ৷ উল্লেখ্য যে বোকাজান নগৰৰ দুই নং ৱাৰ্ডৰ বাসিন্দা ৰঞ্জিতা সূত্ৰধৰ (১৬) নামৰ এগৰাকী ৰোগীয়ে কালি তেওঁৰ জ্বৰৰ চিকিৎসা গ্ৰহণ কৰিবলৈ ডা: পুডাইটেৰ কাষ চাপে। ডা:পুডাইটেই ৰোগীক টাইফয়ড হোৱাৰ সন্দেহ কৰি তেজ পৰীক্ষা কৰিবলৈ পৰামৰ্শ আগবঢ়াই তেওঁৰ সহকৰ্মী চিকিৎসক ডা: লুনচে কিলিঙৰ ব্যক্তিগত পৰীক্ষাগাৰলৈ যাবলৈ কয় ৷
কিন্তু অতি দৰিদ্ৰ পৰিয়ালৰ হোৱা বাবে ৰঞ্জিতাৰ অভিভাৱকে ধনৰ অভাৱত তেওঁলোকৰ চিনাকি অন্য এক তেজ পৰীক্ষাগাৰত তেজ পৰীক্ষা কৰে আৰু তেজৰ ৰিপৰ্ট ডা: পুডাইটেক দেখুৱাই ৷ কিন্ত ডা: পুডাইটেই ৰোগী গৰাকীৰ তেজৰ ৰিপৰ্ট চাবলৈ অমান্তি হয় আৰু ৰোগীক নিজাববীয়াকৈ চিকিৎসা গ্ৰহণ কৰিবলৈ কয় ৷ কিয়নো ডা: পুডাইটেই তেজ পৰীক্ষা কৰিবলৈ নিৰ্দিষ্টকৈ উল্লেখ কৰি দিয়া তেওঁৰ সহকৰ্মী চিকিৎসক ডা: কিলিঙৰ ব্যক্তিগত পৰীক্ষাগাৰত ৰোগীগৰাকীয়ে তেজ পৰীক্ষা নকৰাৰ বাবেই ডা: পুডাইটেই ৰোগীক চিকিৎসা প্ৰদান কৰিবলৈ অনীহা প্ৰকাশ কৰে ৷
উপায়বিহীন হৈ ৰোগী ৰঞ্জিতা সূত্ৰধৰে চিকিৎসা গ্ৰহণ নকৰাকৈয়ে ঘৰলৈ ঘূৰি যাবলৈ বাধ্য হয় ৷ আজি ৰোগীগৰাকীৰ অভিভাৱক আৰু ওচৰ চুবুৰীয়া ৰাইজে উক্ত ঘটনা সন্দৰ্ভত ডা: পুডাইটেৰ পৰা জানিবলৈ চিকিৎসালয়ত উপস্থিত হয় যদিও ডা: পুডাইটে চিকিৎসালয়ৰ কেম্পৰ কামত বাহিৰত থকাত অভিভাৱক তথা ৰাইজে মহকুমা চিকিৎসা বিষয়া গৰাকীক উক্ত বিষয়ত এক লিখিত অভিযোগ দিয়ে৷
মহকুমা চিকিৎসা বিষয়া গৰাকীৰ অনুপস্থিতিত চিকিৎসালয়ৰ অধীক্ষক ডা: দণ্ড গগৈয়ে উক্ত অভিযোগ পত্ৰ গ্ৰহণ কৰে আৰু ঘটনা সন্দৰ্ভত তদন্ত কৰি বিহিত ব্যৱস্থা লোৱাৰ আশ্বাস প্ৰদান কৰে ৷ বোকাজান অসামৰিক চিকিৎসালয়ত সংঘটিত উক্ত ঘটনা সন্দৰ্ভত সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ত্ৰিদিপ বৰাৰ নেতৃত্বত এটা সজাতী দল চিকিৎসালয়ত উপস্থিত হৈ অধীক্ষক ডা: দণ্ড গগৈক সাক্ষাৎ কৰে আৰু ৭ দিনৰ ভিতৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷ অন্যথা ছাত্ৰ সন্থাই নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি অধীক্ষকগৰাকীক সকীয়াই দিয়ে ৷