
প্ৰাণদ্বীপ চেতিয়া, কাৰ্বি আংলংঃ বোকাজান নগৰৰ সমীপৱৰ্তী নাওঘাট অঞ্চলত শুকুৰবাৰে সংঘটিত হৈছে এগৰাকী কিশোৰীক যৌন নিৰ্যাতনৰ ঘটনা।
এগৰাকী ১০ বছৰীয়া শিশুক শাৰীৰিক নিৰ্যাতন চলালে এটা লম্পটে। ঘটনাৰ বিৱৰণী অনুসৰি গোলাঘাট জিলাৰ চুঙাজান অঞ্চলৰ ১০ বছৰীয়া এটি শিশুক আবেলি বিদ্যালয় ছুটিৰ পাছত ঘৰলৈ আহি আছিল৷
তেনে সময়তে বোকাজানৰ নাওঘাট অঞ্চলৰ বাসিন্দা হীৰালাল তাঁতীৰ পুত্ৰ দেৱ তাঁতী (১৯) নামৰ লম্পটটোৱে শিশুটোক পথৰপৰা টানি লৈ নিৰ্জন ঠাইত প্ৰাণে মৰাৰ ভাবুকি দি শাৰীৰিক নিৰ্যাতনৰ চেষ্টা চলোৱাৰ সময়তে কিশোৰী গৰাকীয়ে চেগ বুজি সেই স্থানৰপৰা পলায়ন কৰে আৰু ঘৰত ঘটনা সন্দৰ্ভত কান্দি কান্দি নিজ পিতৃ-মাতৃক অৱগত কৰে।
তাৰ পাছতেই সমগ্ৰ ঘটনাৰ খবৰ অঞ্চলটোত বিয়পি পৰাত স্থানীয় ৰাইজে লম্পটটোক বিচাৰি বোকাজানৰ নাওঘাটস্থিত লম্পটতোৰ ঘৰ ঘেৰাও কৰে আৰু লম্পটতোক ঘৰৰপৰা চোঁচৰাই আনি উত্তেজিত জনতাই উত্তম-মধ্যম দি বোকাজান আৰক্ষীক গতাই দিয়ে।
উল্লেখ্য যে পৰৱৰ্তী সময়ত বোকাজান আৰক্ষী থানাত দুয়ো পক্ষই এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।