19
Mar
2019

বৰনৰ্দ্দীঃ বিগত কেবাদিনো ধৰি নলবাৰীৰ চহৰ সমীপৱৰ্তী মৰিয়া দঙাৰ এজন ৫০ বছৰীয়া শ্ৰমিক সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰুদ্দিষ্ট শ্ৰমিকজনৰ নাম নৃৃৃপেন হালৈ।
শ্ৰমিকজনৰ পত্নী অঞ্জু্ হালৈয়ে জনোৱা মতে তেওঁৰ স্বামী ১৫ মাৰ্চৰ পুৱাই ঘৰৰপৰা কাম কৰিবলৈ বুলি ওলাই যোৱাৰ পাছৰেপৰা ঘৰলৈ উভতি অহা নাই।
এই ঘটনা সম্পৰ্কত পৰিয়ালৰ লোকে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে লোকজনৰ সন্ধান উলিয়াব পৰা নাই।