বৰপেটা ৰোডঃ নামনি অসমৰ বাণিজ্য প্ৰধান চাহৰ বৰপেটাৰোড আৰক্ষীয়ে যোৱা নিশা এক অভিযান চলাই ৫ জন দুৰ্ধৰ্ষ ডকাইত আটক কৰিবলৈ সক্ষম হৈছে৷ আটক কৰা ডকাইত কেইজন হৈছে জলপাইগুড়িৰ টনী গুৱালা, মুন্না গুৱালা, এলিচ গুৱালা, পাপ্পু গুৱালা আৰু সঞ্জু গুৱালা৷

এই কেইজন ডকাইতে বৰপেটাৰোডৰ সেউজপুৰত ভাড়াতীয়া হিচাবে থাকি বিভিন্ন ঠাইত ডকাইতি কৰাৰ বাবে বাহৰ পাতি আছিল৷ আৰক্ষীয়ে ডকাইত কেইজনৰপৰা ১৩ টা মোবাইল, দুখন এটি এম কাৰ্ড, চিম কাৰ্ড ৪ খন, স্ক্ৰু ড্ৰাইভাৰ আৰু কেইবাটাও বান্দৰকেকোৱাৰ পেকেট জব্দ কৰিবলৈ সক্ষম হৈছে৷

জানিব পৰা মতে, এই গ্ৰুপটোৱে বৰপেটা জিলাৰ বিভিন্ন ঠাইত, বিশেষকৈ বেংকৰ গ্ৰাহক সকলক লক্ষ্য কৰিলৈ ছিন্তাই কাৰ্য চলাই আহিছিল৷ ধৃত ৫ জনক বৰপেটা ৰোড আৰক্ষীয়ে কেচ নম্বৰ ২৭৩/১৯ আৰু ভাৰতীয় দণ্ড বিধি আইনৰ ৩৯২ গোচৰত অভিযুক্ত কৰি বৰপেটা কাৰাগাৰলৈ প্ৰেৰণ কৰে।