কামপুৰঃ  নগাওঁ জিলাৰ কামপুৰ গুইমাৰীৰ এজন যুৱক কেৰালাত কাম কৰিবলৈ গৈ সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। একে গাঁৱৰ চাৰিজন যুৱকৰ সৈতে কেৰালালৈ যোৱা নিৰুদিষ্ট যুৱকজন হৈছে ক্ষিৰকান্ত বৰুৱা।

জানিব পৰা মতে যোৱা ১ জুলাইত কামপুৰ গুইমাৰী গাঁৱৰ ক্ষীৰকান্ত বৰুৱা নামৰ যুৱকজনে একে গাঁৱৰে নুৰ হুছেইন, ইদ্দিছ আলী, আনাৰ হুছেইন আৰু ছাদ্দাম আলী নামৰ চাৰিজন যুৱকৰ সৈতে কেৰেলাত কাম কৰিবলৈ ৰেলযোগে গৈ থকা অৱস্থাত নিৰুদেশ হয়।

লগত যোৱা চাৰি বন্ধুৱে এই কথা জনায় সন্ধানহীন হোৱা যুৱকজনৰ পৰিয়ালক। আজি ৮ দিনে যুৱকজনৰ কোনো সন্ধান লাভ নকৰাত মৰ্মাহত হৈ পৰিছে পিতৃ-মাতৃ। ৰেলত কেৰালালৈ গৈ থকা অৱস্থাত চাৰি বন্ধুৰ লগত যুৱকজনৰ তৰ্কা-তৰ্কি হৈছিল বুলিও জানিব পৰা গৈছে।

পিতৃ মাতৃয়ে চাৰি বন্ধুৱে হত্যা কৰি ক্ষীৰকান্তক ৰেলৰ পৰা পেলাই দিয়াৰ সন্দেহ কৰিছে। ইতিমধ্যে কামপুৰ আৰক্ষী থানাত চাৰি বন্ধুৰ বিৰুদ্ধে এজেহাৰ দাখিল কৰিছে পিতৃ-মাতৃয়ে । ইফালে কোনো লোকে যুৱকজনৰ সন্ধান পালে ওচৰৰ আৰক্ষী অথবা 8474098681 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে দূৰ্ভগীয়া পিতৃ-মাতৃয়ে।