লালুকঃ লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ বঙালমৰাৰ দৌলতপুৰৰ স্থানীয় বিধায়কৰ গৃহ ৱাৰ্ডতেই এখন ভঙা দলঙৰেই যাতায়ত কৰিব লগা হৈছে ৰাইজে৷ বিধায়ক পুঁজিৰ ধনেৰে আজি পৰ্যন্ত নিৰ্মাণ নকৰা বাঁহৰ ভঙা দলং খনৰ সিটো মূৰত থকা প্ৰাথমিক বিদ্যালয়লৈ কণ কণ ছাত্ৰ-ছাত্ৰীয়েও বিপদ সংকুলভাৱে যাতায়ত কৰিবলগীয়া হোৱাত অভিভাৱকসকল চিন্তিত হৈছে৷

নিৰ্বাচনৰ পূৰ্বে বিধায়ক মামুন ইমদাদুল হ’ক চৌধুৰীয়ে নিৰ্বাচনত জয়ী হ’লে দলংখন নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজি এবছৰ পাৰ হৈ যোৱাৰ পিছতো প্ৰতিশ্ৰুতি ৰক্ষা নকৰাত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ বিধায়কজনক গৰিহণা দিছে৷ উল্লেখ্য যে ভঙা দলঙৰ ওপৰেৰে অহাযোৱা কৰোতে ইতিমধ্যে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে৷

বিধায়কৰ নিজা গাঁওখনৰে অতি গুৰুত্বপূৰ্ণ পথটোৰ এনে দুৰৱস্থাৰে বাৰিষা কিদৰে ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ অহা-যোৱা কৰিব তাকলৈ চিন্তাত পৰিছে দৌলতপুৰবাসী৷ পঞ্চায়তৰ ৱাৰ্ড সদস্য এজনেও কোনো শিতানৰ পুঁজিৰে এই দলং খন মেৰামতি কৰিব নোবাৰি বুলি ৰাইজক আভুৱাভাঁৰি আহিছে বুলি ৰাইজে অভিযোগ কৰিছে ৷

উপায়ান্তৰ হৈ প্ৰতিবছৰে স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি এই দলংখন মেৰামতি কৰি লয়৷ ইফালে দলংখন নিৰ্মাণৰ বিষয়কলৈ একাংশই কুটিল ৰাজনীতিত নিমৰ্জিত হৈছে বুলি অভিযোগ কৰি ৰাইজে দলংখনক লৈ ৰাজনীতি নকৰি নিৰ্মাণৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা বিচাৰি এই ক্ষেত্ৰত স্থানীয় বিধায়ক মামুন ইমদাদুল হক চৌধুৰীক তৎকালেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে৷