পাঞ্জাবাৰীঃ চোৰ ডকাইত নহয় বশিষ্ঠ আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে প্ৰতিবন্ধীৰ বিৰুদ্ধে ৷ এজন দুজন নহয় ২৬ গৰাকী প্ৰতিবন্ধীৰ বিৰুদ্ধে গোচৰ বশিষ্ঠ আৰক্ষীৰ৷

২৬ মে’ত কেন্দ্ৰ-ৰাজ্য চৰকাৰে পালন কৰা বৰ্ষপূৰ্তি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাজ্যৰ একাংশ প্ৰতিবন্ধীয়ে সাক্ষাৎ কৰি তেওঁলোকৰ দাবী সম্বলিত ২১ দফীয়া স্মাৰকপত্ৰ প্ৰদান কৰিব বিচাৰিছিল৷ প্ৰতিবন্ধীসকলক প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ দিয়াটো দূৰৈৰ কথা আৰক্ষী আৰু চিআৰপিএফে প্ৰতিবন্ধীসকলক বৰ্বৰ অত্যাচাৰহে কৰে। আৰক্ষীৰ এই আক্ৰমণত সহস্ৰাধিক প্ৰতিবন্ধী আহত হয়৷

ৰাজ্যৰ প্ৰতিবন্ধী সন্থাই তেওঁলোকৰ মাহেকীয়া ভাত্তা যোৱা ১২ মাহে ৰাজ্য চৰকাৰে বন্ধ কৰি ৰখাত ক্ষুব্ধ হৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি তেওঁলোকৰ অভিযোগসমূহ অৱগত কৰিব বিচাৰিছিল। আৰক্ষীয়ে তেওঁলোকক আক্ৰমণ কৰিয়ে ক্ষান্ত নাথাকি ২৬ গৰাকী প্ৰতিবন্ধীৰ ওপৰত গোচৰ ৰুজু কৰি অহা ৯ দিনৰ ভিতৰত বশিষ্ঠ আৰক্ষী থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে৷ শুকুৰবাৰে বশিষ্ঠ আৰক্ষীয়ে ২৬ গৰাকী প্ৰতিবন্ধীক থানাত হাজিৰ হবলৈ নিৰ্দেশ দিয়ে।

হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ বিপৰীতে কেৱল মাত্ৰ ২৬ গৰাকী সদস্যৰ ওপৰত ষড়যন্ত্ৰমূলক ভাৱে গোচৰ ৰুজু কৰা বুলি আক্ষেপ প্ৰকাশ কৰে প্ৰতিবন্ধী সন্থাই। সন্থাই শীঘ্ৰে তেওঁলোকৰ ২১ দফীয়া দাবী মানি ল’বলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে। অন্যথা নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিছে।