গহপুৰঃ ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ আজি গহপুৰত আহি উপস্থিত হয় কেন্দ্ৰ চৰকাৰৰ এটি পৰ্যবেক্ষকৰ  দল। গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিব ভি শশাংক শেখৰৰ নেতৃত্বত কেন্দ্ৰীয় পৰ্যবেক্ষকৰ দলটোৱে গহপুৰৰ কেকুৰিজান গাঁও পঞ্চায়তৰ কেকুৰিজান, কলাবাৰী গাঁও পঞ্চায়তৰ কলমৌগুৰিৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে৷

কেন্দ্ৰীয় চৰকাৰে গুজৰাটৰ বানপীড়িত অঞ্চলৰ বাবে নিশাৰ ভিতৰতে ৫০০ কোটি টকা আৰু সকলো প্ৰকাৰৰ সহায়-সহযোগ আগবঢ়োৱাৰ পাছতে দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সময়তে ৰাজ্যত উপস্থিত হোৱা কেন্দ্ৰীয় পৰ্যবেক্ষকৰ দলটোক লৈ অৱশ্যে মুঠেি সন্তুষ্ট হোৱা দেখা নগ'ল স্থানীয় লোকসকলক।

ইয়াৰ মাজতে, কেন্দ্ৰ চৰকাৰক ৰাজ্য়খনৰবান পৰিস্থিতি সন্দৰ্ভত অৱগত কৰিব বুলি জানিবলৈ দি আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধানৰ আশ্বাস প্ৰদান কৰে। কেন্দ্ৰীয় পৰ্যবেক্ষকৰ দলটোৱে গহপুৰ লগতে লখিমপুৰৰ বান পৰিস্থিতিৰো বুজ লয়৷