05
Aug
2017

লালুকঃ গুজৰাটত ভাৰতীয় জাতীয় কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধীৰ গাড়ীত দুৰ্বৃত্তই আক্ৰমণ কৰাত ক্ষোভিত হৈ সমগ্ৰ দেশৰ লগতে লখিমপুৰতো কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে৷
লখিমপুৰ জিলা কংগ্ৰেছ, যুৱ-কংগ্ৰেছৰ নাওবৈছা আৰু লখিমপুৰ সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷
লখিমপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচীও ৰূপায়ণ কৰে দলটোৱে৷ কাৰ্যসূচীত শতাধিক নবীন-প্ৰবীণ কংগ্ৰেছ কৰ্মীৰ লগতে লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি ডঃ জয় প্ৰকাশ দাস, নাওবৈচা সমষ্টিৰ প্ৰাক্তন বিধায়ক সঞ্জয় ৰাজ চুব্বাও উপস্থিত থাকে৷