
মঙলদৈঃ "বাপা, পথটোত চাৰটে মান শিল পেলে টকা কেইটা খালাক৷ এহাতোক কোনেও নধৰে৷ আমি হে বুজছু জ্বালা৷ ছলি-পলি স্কুলত যাবা নৰে। বৰহেনোৰ পানীই মাটি ধুই নিয়াত শিলোৰ জাকা ওলাই আছে ৰাস্তাত৷ শিলোৰ ধৰি খোজকাৰবেই নৰি৷"-News Next Oneৰ সাংবাদিকৰ আগত এইদৰে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে এগৰাকী ৭০ উৰ্ধৰ মহিলাৰ৷
চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহি ক্ষোভ ব্যক্ত কৰা মহিলাগৰাকী দৰং জিলাৰ ছিপাঝাৰৰ কুৰুৱাৰ৷ সাংবাদিকৰ সন্মুখত ক্ষোভ জাহিৰ কৰি এমজি এনৰেগাৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি একাংশ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে৷
ছিপাঝাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ে কুৰুৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত ডুমুনিচকী-কুৰুৱা পথৰ পৰা কুৰুৱা চিকিৎসালয় আৰু জাহাজঘাট সংযোগী ১ কিঃ মিঃ দৈৰ্ঘ্যৰ পথটো ২০১৬-২০১৭ বৰ্ষত ৪৩ লাখ টকাৰে নিৰ্মাণ কৰে৷ কিন্তু নাম মাত্ৰ শিল আৰু মাটি ছটিয়াই ১ কিঃ মিঃ দৈৰ্ঘ্যৰ পথটোৰ মাত্ৰ ৩০০মিটাৰতে মাটি, শিল ছটিয়াই পথৰ নিৰ্মাণৰ কাম সমাপ্ত কৰে বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে।
ৰাইজে পথ নিৰ্মাণৰ বাবে আৱন্টিত ধন কাম সমাপ্ত নৌহওতেই উলিয়াই খোৱা বুলিও অভিযোগ কৰে। যাৰ ফলত ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, ৰোগী, ব্যৱসায়ী আহ-যাহত ব্যাপক সমস্যাত পৰিছে৷ পৰিৱৰ্তনৰ শ্ল’গান গাই পুনৰ বিধায়ক হোৱা ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়াই বাট-পথ মেৰামতি তথা দুৰ্নীতি সন্দৰ্ভত নিমাত বুলিও অভিযোগ কৰে ৰাইজে৷