আজাৰাঃ সন্তানহীনা দম্পত্তিয়ে এটি সন্তানৰ বাবে ডাক্তৰ-কবিৰাজ, মন্দিৰ মছজিদৰ দুৱাৰে দুৱাৰে ঘূৰি হায়ৰাণ হ'ব লগা হয়৷ ইয়াৰ বিপৰীতে আকৌ একাংশ লোকে মাতৃ গৰ্ভৰ পৰা পৃথিৱীলৈ আহি চকু মেলি চাবলৈ নাপাওতে নৱজাতকক হত্যা কৰে৷

মানৱ সমাজক ভূলুণ্ঠিত কৰা তেনে এক ঘটনা সংঘটিত হৈছে পলাশবাৰীৰ বৰকুছি অঞ্চলত। আজি বৰকুছিৰ পথৰ দাঁতিত এটি নৱজাতকৰ মৃতদেহ কোনো লোকে পলিথিনত মেৰিয়াই পেলায় থৈ যায়৷

কোনো অজ্ঞাত লোকে এই নৱজাতকটি পলিথিনত ভৰাই পথৰ পৰা জংঘলৰ মাজলৈ দলিয়াইছিল যদিও পলিথিনটো ছিঙি জংঘলৰ পৰিৱৰ্তে পথৰ দাঁতিত পৰে।

স্থানীয় লোকে কোনো দু-চৰিত্ৰৰ লোকে অবৈধ সম্পৰ্কৰ পৰিণতিত জন্ম হোৱা কেচুৱাটোক পেলাই থৈ যোৱাৰ সন্দেহ কৰে। ঘটনাটো পোহৰলৈ অহাৰ পাছতে বহু লোকে নৱজাতকৰ মৃতদেহটো চাবলৈ আহে৷