ডিজিটেল ডেক্সঃ শিক্ষা খণ্ডক সকলো চৰকাৰে অৱহেলা কৰি অহা আমি দেখি আহিছো। শিক্ষাৰ ক্ষেত্ৰত মুঠ বাজেটৰ ২-৩ শতাংশতকৈ অধিক ধন ধাৰ্য কৰা দেখা যায়৷

কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম দিল্লীৰ আম আদমি পাৰ্টিৰ চৰকাৰ। বিধানসভাত দাখিল কৰা বাজেটত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী তথা বিত্ত মন্ত্ৰী মণিষ ছিছোডিয়া। অৱশ্যে বিশেষজ্ঞসকলে অতিৰিক্ত ধন আৱন্টনে শিক্ষাৰ গুণগত মান বৃদ্ধি কৰিব পাৰিবনে নাই সন্দেহ ব্যক্ত কৰিছে। 

ছিছোডিয়াই কয় যে যোৱা বছৰতকৈ ২০১৭-১৮ বৰ্ষত শিক্ষা খণ্ডত ২.৫ শতাংশ অধিক ধন অৱন্টন দিয়া হৈছে। ৫৩,০০০ কোটি টকাৰ বাজেটৰ অকল শিক্ষা খণ্ডৰ বাবে ১৩,৯৯৭ কোটি টকা অছুতীয়াকৈ ৰখা হৈছে। 

দিল্লীৰ শিক্ষা বাজেটৰ তুলনাত মুম্বাই, কলকাতা, চেন্নাই অৰু বেংগালুৰু পৌৰ নিগমৰ এই খণ্ডৰ বাজেটৰ আকাশ-পাতাল পাৰ্থক্য দেখা গৈছে। এই পৌৰ নিগমসমূহে খণ্ডটোত মাত্ৰ ক্ৰমে ৯ শতাংশ, ১.৫ শতাংশ, ৫ শতাংশ অৰু ০.৬ শতাংশ ধন আৱন্টন দিছে। দিল্লীৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰতকৈ এই ধনৰ পৰিমণ ১৩ শতাংশ বেছি।

এই প্ৰসংগত মুখ্যমন্ত্ৰী অৰবিন্দ কজৰিৱালে কয় যে বাজেটখনে দিল্লীৰ আপ চৰকাৰৰ শিক্ষা খণ্ডৰ প্ৰতি থকা দায়িত্বকে সূচাইছে। আৱশ্যে বিশেষজ্ঞসকলৰ মতে এনে ধন বৃদ্ধিয়ে পোনপতীয়াকৈ শিক্ষাৰ মান ঊৰ্ধগামী নহ’বও পাৰে।

দিল্লীৰ শিক্ষা খণ্ডৰ সৈতে জড়িত সমাজকৰ্মী অশোক আগৰৱালাই কয় যে বাজেটত ধন বৃদ্ধি কৰা হৈছে যদিও খৰচৰ স্পষ্ট আভাষ নাই। ৰাজধানী চহৰখনৰ পৌৰ নিগমৰ অধীনত থকা বিদ্যালয়সমূহৰ শিক্ষাৰ মান উন্নত কৰাৰ বাবে চৰকাৰখনে কোনো গুৰুত্ব দিয়া নাই। উল্লেখ্য যে, দিল্লী পৌৰ নিগমসমূৰ স্বতন্ত্ৰ সংস্থা আৰু ইয়াত চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰে।

জামিয়া মিলিয়া ইছলামিয়াৰ অধ্যপিকা জানকী ৰাজন আৰু দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা অনিতা ৰামপালে একে দৃষ্টিভংগীকে পোষণ কৰে।