
ৰঙিয়াঃ প্ৰায় তিনি দশক ধৰি ৰঙিয়াৰ ক্ৰীড়াৰ ক্ষেত্ৰত একনায়কত্ববাদ চলাই অহা ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ সম্পাদক দিলীপ চৌধুৰীৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে অৱশেষত দেওবাৰে ৰঙিয়াৰ বিভিন্ন দল সংগঠনৰ লগতে ক্ৰীড়া প্ৰেমী তথা ৰাইজ ওলাই আহি অৱস্থান ধৰ্মঘট ৰূপায়ন কৰে৷
দিলীপ চৌধুৰীক অনতিপলমে ক্ৰীড়া সন্থাৰপৰা অপসাৰণৰ লগতে তেওঁৰ বিগত কাৰ্যকালত সংঘটিত বিভিন্ন দুৰ্নীতিৰ তদন্তৰ দাবীত কালি ৰাইজে জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত পুৱা ৯ বজাৰপৰা অৱস্থান ধৰ্মঘটত বহে৷
এই ধৰ্মঘটত সদৌ কামৰূপ জিলা ছাত্ৰসন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰঙিয়া আঞ্চলিক সমিতি, এ বি ভি পিৰ ৰঙিয়া শাখা, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নেতৃবৰ্গৰ লগতে ৰঙিয়াৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকা, ৰঙিয়া প্ৰেছ ক্লাবৰ সদস্যবৃন্দ, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় নেতা প্ৰবাল বুজৰ বৰুৱাকে ধৰি ভালেসংখ্যক প্ৰাক্তন খেলুৱৈ আৰু ক্ৰীড়া অনুৰাগী ৰাইজ উপস্থিত থাকে৷
প্ৰতিবাদকাৰীসকলে দিলীপ চৌধুৰী গ’ বেক, ৰঙিয়াৰ ক্ৰীড়া ক্ষেত্ৰ কলুষিত কৰা দিলীপ চৌধুৰীক অপসাৰণ কৰক, ক্ৰীড়াৰ নামত দুৰ্নীতি বন্ধ কৰক, দিলীপ চৌধুৰীৰ দুৰ্নীতিৰ তদন্ত লাগে, ক্ৰীড়াৰ নামত দালালি নচলিব আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে৷
ইফালে, কালিৰপৰা ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অসম ক্ৰিকেট সন্থাৰ অধীনৰ আছাম প্ৰিমিয়াৰ ক্ৰিকেট লীগ অনুষ্ঠিত হোৱাৰ কথা আছিল৷ ক্ৰীড়া সন্থাৰপৰা দিলীপ চৌধুৰীৰ অপসাৰণৰ দাবীত খেলপথাৰখনত গ্ৰহণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ বাবে ক্ৰিকেট লীগ খেলখনো বাতিল কৰিবলগীয়াত পৰে সন্থাই৷
প্ৰতিবাদকাৰীসকলে জিলা ক্ৰীড়া সন্থাক স্পষ্টভাৱে জনাই দিয়ে যে দিলীপ চৌধুৰীক ক্ৰীড়া সন্থাৰপৰা অপসাৰণ নকৰা পৰ্যন্ত ক্ৰিকেট লীগ অনুষ্ঠিত কৰিবলৈ দিয়া নহ’ব৷ চৰম অস্বস্তিত পৰা জিলা ক্ৰীড়া সন্থাৰ কৰ্মকৰ্তাসকলে ৰাইজৰ প্ৰতিবাদ দমন কৰিবলৈ খেলপথাৰখনলৈ আৰক্ষী বাহিনীক মাতি আনে যদিও ৰাইজৰ ক্ষোভ দেখি তেওঁলোকে বিষয়টোত হস্তক্ষেপ কৰাৰপৰা বিৰত থাকে৷
পিছত দণ্ডাধীশ উপস্থিত হয় আৰু প্ৰতিবাদকাৰীসকলৰ ভাষ্য শুনে৷ প্ৰতিবাদকাৰীসকলে পিছত দণ্ডাধীশগৰাকীৰ হাতত ছয়দফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷ দিনৰ ১ বজাত প্ৰতিবাদকাৰীসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্ত পেলাই যদিও স্মাৰকপত্ৰত দিয়া দাবী মানি নল’লে পুনৰাই খেলপথাৰত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি সকিয়াই দিয়ে৷
ইপিনে দেওবাৰে প্ৰতিবাদী কাৰ্যসূচীৰ সময়ছোৱাত দিলীপ চৌধুৰীৰ পুত্ৰ খেলপথাৰত উপস্থিত থাকি অ-সৌজন্যমূলক আচৰণ প্ৰদৰ্শন কৰাক লৈ উত্তেজনাময় পৰিস্থিতিৰ উদ্ভৱ হয়৷
চৌধুৰীৰ পুত্ৰই খেলপথাৰত ৰঙিয়াৰ দুগৰাকী সাংবাদিককো অপমান কৰাৰ চেষ্টা কৰে৷ পিছত ৰঙিয়াৰ মহকুমা আৰক্ষী বিষয়া কংকনজ্যোতি নাথে অসভ্য আচৰণ কৰি থকা পুত্ৰক খেলপথাৰৰপৰা আঁতৰাই পঠিয়ায়৷ গুৰুত্বপুৰ্ণ বিষয়টো হ’ল যে সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতাই সন্থাৰপৰা পদত্যাগ কৰে৷ কলিতাই এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত নিজৰ ক্ষোভ প্ৰকাশ কৰি কয় যে দিলীপ চৌধুৰীয়ে চৰম একনায়কত্ববাদী কাৰ্যকলাপেৰে ৰঙিয়াৰ ক্ৰীড়া জগত ধ্বংস কৰি পেলাইছে৷