২৪৪ (ক)ৰ অধীনত স্বায়ত্ত ৰাজ্যৰ ইছ্যু ৰাষ্ট্ৰ সংঘত উত্থাপন কৰা হ’ব-এছিয়া প্ৰতিনিধি ফুলমন চৌধুৰী

ডিফুঃ বৃহস্পতিবাৰে কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ কাছা ষ্টেডিয়ামৰ সভাকক্ষত ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া সকলৰ সমস্যা সমূহৰ স্থায়ী ফ'ৰামৰ এছিয়া প্ৰতিনিধিৰ উপস্থিতিত এক সংবাদ মেল অনুষ্ঠিত হৈ যায়৷
সংবাদ মেলত কাৰবি জনজাতিৰ লগতে জিলাখনত বসবাস কৰা খিলঞ্জীয়া সকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত পৰ্যালোচনা কৰা হয়৷ ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া সকলৰ এছিয়া প্ৰতিনিধি ফুলমন চৌধুৰীয়ে জিলাখনত সদ্য সামৰণি পৰা ৪৫ সংখ্যক কাৰবি যুৱ মহোৎসৱত দৰ্শন কৰিবলৈ অহাৰ লগতে জিলাখনৰ বিভিন্ন খিলঞ্জীয়া ৰাইজৰ অভাৱ-অভিযোগ, সমস্যা সমূহ শুনি-বুজি গুৰুত্ব সহকাৰে লৈ অহা এপ্ৰিল মাহৰ ২২ তাৰিখৰপৰা মে’ মাহৰ ৩ তাৰিখলৈ ৰাষ্ট্ৰ সংঘৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া বিশ্ব খিলঞ্জীয়া সকলৰ স্থায়ী ফৰামৰ সন্মিলনত উত্থাপন কৰা হ’ব বুলি কয়৷
প্ৰতিনিধি ফুলমন চৌধুৰীয়ে সাংবাদিকৰ আগত কয় যে তিনি পাৰ্বত্য জিলাৰ সংবিধান প্ৰদত্ত দাবী ২৪৪(ক) সুবিধা অনুসৰি ভাৰত চৰকাৰে স্বৰাজ্য প্ৰদান কৰিব পাৰে, বিষয়টো তেওঁ ৰাষ্ট্ৰসংঘৰ হ’বলগীয়া বাৰ্ষিক অধিৱেশনত উত্থাপন কৰিবলৈ চেষ্টা কৰিব বুলিও জানিব দিছে৷
ইয়াৰোপৰি প্ৰতিনিধি গৰাকীয়ে ৪৫ সংখ্যক কাৰবি যুৱ মহোৎসৱ দৰ্শন কৰি অতিশয় মোহিত হৈছে বুলি মন্তব্য কৰে৷ মহোৎসৱ থলীত বিভিন্ন জনগোষ্ঠীৰ বাৰে ৰহণীয়া সংস্কৃতি, কলা-কৃষ্টি, নৃত্য, গীতে তেওঁক যথেষ্ট উৎফুল্লিত কৰি তুলিছে লগতে পৃথিৱীৰ বহু কেইখন জনজাতীয় উৎসৱ সমূহৰ ভিতৰত কাৰবি যুৱ মহোৎসৱ শ্ৰেষ্ট বুলি কৈছে৷
এনে মহোৎসৱ নিৰন্তৰ চলি থাকিলে জনজাতীয় বৈশিষ্টৰ উৎকৰ্ষ সাধন হৈ থাকিব৷ আনহাতে, কাৰবি আংলং ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক পংকজ টেৰণেও জিলাখনৰ খিলঞ্জীয়া অধিবাসী সকলৰ বিভিন্ন সমস্যা প্ৰতিনিধি গৰাকীৰ ওচৰত দাঙি ধৰে৷ আজিৰ সংবাদ মেলখনত প্ৰতিনিধি গৰাকীৰ প্ৰেছ বিশেষজ্ঞ হৰি প্ৰসাদ পাওডেলো উপস্থিত থাকে৷