
চাবুৱাঃ ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বানে। নেৰেনেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ নদীৰ লগতে ইয়াৰ উপনৈসমূহ ফেনে ফোটোকাৰে বাঢ়ি অহাত উজনিৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বহু ঠাই বুৰাই পেলায়। জিলা দুখনৰ বিস্তীৰ্ণ অঞ্চল পানীত বুৰ যোৱাৰা ফলত চৌদিশে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।
ইফালে ডিব্ৰু-ছৈখোৱাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ এলেকা বিগত দুটা দিন জলমগ্ন হৈ থকাৰ ফলত বন্য জীৱ-জন্তুৰ মাজতো একপ্ৰকাৰ হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ৰাষ্ট্ৰীয় উদ্যানৰ দধীয়া বনগাঁৱৰ আইচুং চাপৰিৰ বৃহস্পতিবাৰে নিশা তিনিটা ঘৰ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়। জগন্নাথ পেগু, বৃষনাথ পেগু আৰু হৰকান্ত পাৱৰ বাসগৃহ ব্ৰহ্মপুত্ৰৰ কোবাল সোতে উটুৱাই নিয়াৰ ফলত আতংকৰ পৰিৱেশ সৃষ্টি হৈছে অঞ্চলটোত।
বনগাঁৱখনৰ বহু লোক আশ্ৰয় বিচাৰি বিন্ধাকটা হাইস্কুলত শিৱিৰ পাতি থকাৰ খবৰ পোৱা গৈছে। অনুৰূপ ধৰণে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাস কৰা লাইকাতো ব্ৰহ্মপুত্ৰৰ নদীয়ে ভয়াৱহ ৰূপ লৈছে। ব্ৰহ্মপুত্ৰৰ পানীয়ে বুৰাই পেলাইছো লাইকাৰ সহস্ৰাধিক পৰিয়ালৰ বাসগৃহ। জানিব পৰামতে কালি নিশা গুইজানলৈ শিবিৰ পাতিবলৈ ভটভটি নাৱত আহি থকাৰ সময়ত দুৰ্ঘটনাগ্ৰস্থ হোৱাৰ পৰা কথমপি ৰক্ষা পৰে।
গুইজানৰ পৰা এখন ভটভটী নাৱে বানাক্ৰান্তসকলৰ প্ৰাণ ৰক্ষা কৰে বুলি এটা এটা সূত্ৰই প্ৰকাশ কৰিছে। আনহাতে তিনিচুকীয়া জিলাৰ কেইবাখনো ৰাজহ গাঁও ইতিমধ্যে বানত জলমগ্ন হৈ থকাৰ বাতৰি পোৱা গৈছে। একদৰে ডিব্ৰুগড় জিলাৰ টেঙাখাট, নাহৰকটীয়া, চাবুৱা আদি ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় সহস্ৰাধিক পৰিয়াল বানপানীত জলমগ্ন হৈ থকাৰ বাতৰি পোৱা গৈছে।
এই মুহূৰ্তত লাভ কৰা তথ্য অনুসৰি ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ জলস্তৰ ১০৫.৭০ মিটাৰ বিপদসীমাৰ ১০৬.৩৩ মিটাৰ ওপৰেৰে বৈছে। এই পৰ্যন্ত জিলা প্ৰশাসনে নিৰ্দেশ দিয়াৰ পিছতো এছ ডি আৰ এফৰ দলে বানাক্ৰান্তসকলক উদ্ধাৰ অভিযান কৰা নাই বুলি অভিযোগ উঠিছে।