পদত্যাগৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

দুলীয়াজানঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিৰ ক্ষেত্ৰত হোৱা ব্যাপক কেলেংকাৰীৰ প্ৰতিবাদত শনিবাৰে দুলীয়াজানত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ প্ৰতিকৃতি দাহ কৰে।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ছাত্ৰ সংগঠনটোয়ে নিযুক্তিৰ ক্ষেত্ৰত শাসকীয় বি জে পিৰ নেতা-পালি নেতাৰ বহুতো আত্মীয়ই অবৈধভাৱে নিযুক্তি লাভ কৰে বুলি অভিযোগ উঠিছে।

গ্ৰামোন্নয়ন মন্ত্ৰী দলেও বহু প্ৰাৰ্থীক ধনৰ বিনিময়ত চাকৰি দিয়াৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে। লগতে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা নীতি লোৱা বুলি সততে কৈ থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সমালোচনা কৰে।

আজিৰ এই কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক দেৱব্ৰত শইকীয়া, ডিব্ৰুগড় জিলাৰ উপ-সভাপতি পুষ্পক ভূঞা, সম্পাদক মাধুৰ্য বৰুৱা, দুলীয়াজন আঞ্চলিকৰ কাৰ্যকৰী সভাপতি ময়ুৰ প্ৰতীম চেতিয়াৰ লগতে বহু  ছাত্ৰ মুক্তিৰ সদস্য উপস্থিত আছিল।