
বাহকাবাৰী:নগাঁও জিলাৰ ৰহা সমষ্টিৰ বগলাজান পঞ্চায়তৰ কাকতিগাঁও অঞ্চলত আমছুৱে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ পৰিবেশণ পৰ্যবেক্ষণ কৰে। ৪-২৯ মে’লৈ শিক্ষাৰ পৰিবেশ পৰ্যবেক্ষণ কৰাত আমছুৱে বিদ্যালয় সমূহত সমস্যাৰ মাজত ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব লগা হোৱাটো প্ৰত্যক্ষ কৰে৷
তেওঁলোকৰ প্ৰতিবেদন অনুসৰি বিদ্যালয় সমুহত শিক্ষকৰ অভাৱ প্ৰত্যক্ষ কৰে৷ উদাহৰণ স্বৰূপে কাকতিগাঁও প্ৰাথমিক বিদ্যালয়ত ৬ গৰাকী শিক্ষকে ৩৯০ গৰাকী ছাত্ৰ-ছাত্ৰীক পঢ়ায়, পশ্চিম কাকতিগাঁও নিউ এল পি স্কুলত ৬ জন শিক্ষকৰ বিপৰীতে ২৯২ গৰাকী ছাত্ৰ-ছাত্ৰী, আলিপাৰ প্ৰাথমিক বিদ্যালয়ত ৩ জন শিক্ষকৰ বিপৰীতে ১৩০ গৰাক ছাত্ৰ-ছাত্ৰী, পদুমনী প্ৰাথমিক বিদ্যালয়ত ২ জন শিক্ষকৰ বিপৰীতে ১৭৩ গৰাকী ছাত্ৰ-ছাত্ৰী, ধনঞ্জয় ডোবা প্ৰাথমিক বিদ্যালয়ত ৪ জন শিক্ষকৰ বিপৰীতে ১৮৪ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ডাবলু বিল প্ৰাথমিক বিদ্যালয়ত ৩ জন শিক্ষকে ২১৩ গৰাকী ছাত্ৰ-ছাত্ৰীক পঢ়াব লগা হয়।
চৰকাৰৰ এনে পয়ালগা শিক্ষা বিভাগৰ প্ৰতি ক্ষোভ উজাৰি আমছুৰ নেতৃত্বই মুঠ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে কম শিক্ষকে কিদৰে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিব বুলি প্ৰশ্ন কৰে। পদুমনি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ ভাষ্য অনুসৰি দীৰ্ঘ দিন ধৰি ৰুবুল ডেকা নামৰ শিক্ষক জন বিদ্যালয়ত উপস্থিত নাই।
কিন্তু দুবছৰ কাল কৰ্মস্থলিত উপস্থিত নথকাকৈ কিদৰে দৰমহা লৈ আছে সেইটো এক চিন্তাৰ বিষয়। ইয়াৰ উপৰিও কাকতিগাঁও অঞ্চলৰ বিদ্যালয়ত সমুহত মধ্যাহ্ন ভোজনৰ আঁচনিত ব্যাপক অনিয়ম সংঘটিত হৈ আছে বুলি দাবী কৰে সংগঠনটোৱে ৷
মধ্যাহ্ন ভোজনৰ আঁচনিৰ অনিয়ম সন্দৰ্ভত আমছুৰ নেতৃত্বই ৰহা প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰি তদন্তৰ দাবী জনায়৷ কাকতিগাঁও আঞ্চলিকৰ উদ্যোগত কাৰ্যসূচীত অংশগ্ৰহণ কৰে নগাঁও জিলা আমছুৰ সাংগঠনিক সম্পাদক ছাদ্দাম হুচেইন আৰু কাকতিগাঁও আঞ্চলিক আমছুৰ সভাপতি, সম্পাদকৰ লগতে বহুকেইজন সদস্যই।