
অভয়াপুৰীঃ দূৰৰ পৰা দেখিলে বৰফে আৱৰি থকা এখন পাহাৰ যেন লাগে৷ শুভ্ৰ বৰফৰ আচ্ছাদনে যেন হাত বাউলি হে মাতিছে আপোনাক-মোক৷ ওচৰ পালেহে গম পোৱা যায় সেইখন বৰফে আৱৰি ৰখা পাহাৰ নহয় এখন হাবিৰ গছবোৰৰ ডালে পাতে সেইবোৰ বগলী হে৷
"বগলী ব’গা ফোট দি যা, ৰঙা ফোট নালাগে সেন্দুৰৰ.. ক'লা ফোট নালাগে এন্ধাৰৰ... বগলী ব’গা ফোট দি যা" সঁচাকৈ যেন বগা ফোট দিবলৈ আহিছে পৰিভ্ৰমী হাজাৰ হাজাৰ বগলীয়ে৷ বগলীৰ শুকুলা আচঁলেৰে শুভ্ৰ এডৰা বাঁহনি। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নিকটৱৰ্তী কেৰখাবাৰীত ৩১নং (খ)ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিৰ এখন বাঁহনি হাজাৰ হাজাৰ বগুলীৰে শুভ্ৰ হৈ পৰিছে।
আপুনি যদি পথেৰে যায় দেখিব, যেন বাঁহনি নহয়, বৰফে আৱৰি থকা এখন পাহাৰহে৷ প্ৰতি বছৰৰেই শাওণৰ মাহত বাঁহনিখনত আহি বাহৰ পাতেহি হাজাৰ হাজাৰ বগলী৷ বগলীৰ ৰঙেৰে বৰণ সলাই শুভ্ৰ হৈ পৰে বাহঁনিখন।
বাহঁনিখনৰ গৰাকীয়ে বিগত ২৫ বছৰ ধৰি পৰিভ্ৰমী বগলীৰ আগমন ঘটে বুলি কয়। বাহঁনিডৰাতেই বগলী জাকে বংশবৃদ্ধি কৰে। পক্ষীৰ কলৰৱেৰে মুখৰিত হয় অঞ্চলটো। চুবুৰীয়াসকলৰ এক আত্মীয়তা গঢ়ি উঠিছে বগলী জাকৰ সৈতে।
বগলী জাকক পহৰাও দিয়ে স্থানীয় লোকে৷ কোনেও যাতে হানি বিঘিনি ঘটাব নোৱাৰে বগলীৰ জাকটোক তাৰ বাবে দিয়ে পহৰা৷ সংৰক্ষণৰ বাবেই এতিয়া বাহঁনি ডৰাৰ পৰা বাঁহ কটা বন্ধ কৰি দিয়াৰ লগতে দুষ্ট চক্ৰৰ পৰা বগলী জাকক ৰক্ষা কৰাৰ বাবে সক্ৰিয় হৈ পৰিছে গৰাকী তথা স্থানীয় ৰাইজ।
কোনো দুষ্ট প্ৰকৃতিৰ লোকে যাতে বগলী বোৰৰ কোনো অপকাৰ কৰিব নোৱাৰে তাৰ প্ৰতি সততে দৃষ্টি ৰাখে ৰাইজে। বগলী চাবলৈ এতিয়া দূৰ-দূৰণিৰ পৰা লোক আহে৷ উল্লেখ্য যে, হাজাৰ হাজাৰ বগলী দূৰ-দূৰণিৰ পৰা প্ৰতিবছৰে এনেকৈ আপোন কেৰখাবাৰীলৈ আহে৷