টিংখাংঃ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে৷ কোকৰাঝাৰ চহৰত দিন দুপৰতে আততায়ীয়ে সংখ্যালঘু নেতাক হত্যা কৰাৰ লগতে দুদিনৰ পাছে পাছে ৰাজ্যৰ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে নিৰীহ লোকে প্ৰাণ দিব লগা হৈছে৷ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ গাফিলতিৰ বাবে দুদিনৰ মুৰে মুৰে বিদ্যুৎস্পৃষ্ট হৈ মানুহৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হয়৷এই অভিযোগ কৰাৰ পূৰ্বে প্ৰকৃততে কৰ্মচাৰীসকল খোদ সুৰক্ষিত হয় নে নহয় সেইটোও ফহিয়াই চাব লাগিব৷ 

প্ৰকৃততে চাবলৈ গ’লে কৰ্মচাৰীসকলো এতিয়া চৰম অসুৰক্ষিত অৱস্থাত। চুলিৰ আগত জিউ লৈ কাম কৰি আছে বিদ্যুৎ কৰ্মচাৰীসকলে৷ যিকোনো মুহূৰ্ততে সন্মুখীন হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনাৰ। দুৰ্ঘটনা ৰোধৰ বাবে তেওঁলোকৰ সৈতে নাথাকে কোনো আধুনিক সা-সৰঞ্জাম। অসুৰক্ষিত ভাবে অসম ৰাজ্যিক বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে নিজ দায়িত্ব পালন কৰি আহিছে।

এক প্ৰকাৰ চুলিৰ আগত প্ৰাণ লৈ ৰাইজৰ সেৱা আগবঢ়াই অহা বিভাগৰ কৰ্মচাৰীৰ বাবে নুন্যতম সুবিধা দিয়াত বিফল হৈছে  চৰকাৰ তথা বিভাগ। বিভাগটোৰ বিভিন্ন কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীৰ আধুনিক সা-সৰঞ্জাম নথকাৰ লগতে গোহালি সদৃশ আৱাসত থাকি কাম কৰিব লগা হৈছে৷ একাংশ কৰ্মচাৰীয়ে তেওঁলোকক ঢাল হিছাপে ব্যৱহাৰ কৰি একাংশ লোকে বিভাগতো লুটি-পুতি খোৱা বুলি অভিযোগ কৰে৷

নাম প্ৰকাশত অনিচ্ছ্যুক একাংশ কৰ্মচাৰীয়ে আংশিক সা-সৰঞ্জাম দি কাম কৰি থকা বুলি কৈ পৰ্যাপ্ত সা-সৰঞ্জাম নাই বুলি অভিযোগ কৰে৷ প্ৰতিটো সংমণ্ডল আৰু উপ-সংমণ্ডলৰ একোজন ফিডাৰ মেনেজাৰে যথেষ্ঠ দায়িত্ব পালন কৰিব লাগে বুলি কৈ দায়িত্ব পালন নকৰাৰ অভিযোগ উত্থাপন কৰে৷ কৰ্মচাৰীসকলে বিষয়া-অভিযন্তাৰ অভাৱ বুলি স্বীকাৰ কৰে৷ প্ৰতিদিনে বিদ্যুৎস্পৃষ্ট হৈ মানুহ মৰি থকা সন্দৰ্ভত মুখ খুলি এই ঘটনা কেৱল কৰ্মচাৰীৰ অভাৱত সংঘটিত হোৱা বুলি ক'ব খোজে৷

বিভাগত ফিল্ডত কাম কৰা মানুহ বহুত কম বুলি কৈ দিনৰ দিনটো ইফালৰ পৰা সিফালে কিমান ঘুৰিম বুলি কয়৷ ডিব্ৰুগড় জিলাৰ টিংখাং উপ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ত প্ৰতিটো ক্ষণতে এতিয়া প্ৰাণৰ শংকাত ভূগিছে কাৰ্যালয়ৰ বিদ্যুৎ কৰ্মচাৰীকসকল। কাৰণ এওঁলোকৰ বাবে বিভাগে যোগান ধৰা নাই দায়িত্ব পালনৰ সময়ত ব্যৱহাৰ কৰিবলগীয়া অতি প্ৰয়োজনীয় সুৰক্ষা সামগ্ৰীসমূহ।

হেণ্ড গ্লোভছ, জোতা, হেলমেট, সুৰক্ষিত জখলা আদি একোৱেই মজুত নাই কাৰ্যালয়টোত। এইসমূহ সুৰক্ষা সামগ্ৰীৰ অবিহনেই ১১০০০ ভল্টৰ উচ্চ ক্ষমতাসম্পন্ন তাঁৰৰ সৈতে খেলা কৰিব লগীয়া হয় বিদ্যুৎ কৰ্মীসকলে। আনহাতে চাৰিটা ফিডাৰত বিভক্ত উপ-সংমণ্ডলটোৰ নিয়ন্ত্রণ কক্ষতো একে দুৰৱস্থা। নিয়ন্ত্রণ কক্ষত থকা দুইতৰপীয়া আউটচুইটচ (আইচ’লেটৰ) ব্যৱস্থাৰ এটা আইচ’লেটৰ দীৰ্ঘদিনে বিকল হৈ আছে।

বিদ্যুতৰ মেৰামতিৰ কাম চলি থকা অৱস্থাত বিদ্যুত কৰ্মী আৰু ৰাইজৰ সুৰক্ষাৰ বাবে নিয়মমতে নিৰ্দিষ্ট ফিডাৰৰ বিদ্যুৎ কৰ্তনৰ বাবে কম্পিউটাৰ আৰু ফিডাৰট সংযুক্ত আইচ’লেটৰ অফ কৰিব লাগে। কিন্তু উপ-সংমণ্ডলটোৰ ফিডাৰত সংযুক্ত আউটচুইটচ (আইচ'লেটৰ) বিকল হৈ থকাত বৰ্তমান কেৱল কম্পিউটাৰ আইচ’লেটৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই বিদ্যুৎ কৰ্মীসকলে অতি বিপদসংকূলভাৱে কৰ্তব্য পালন কৰি আহিছে।

আনহাতে উপ-সংমণ্ডলটোৰ ভিতৰচৰাত আছে এশ-এবুৰি সমস্যা। নাই পৰ্যাপ্ত কৰ্মচাৰী। বৃহৎ অঞ্চলটোৰ বাবে মাজত আছে মাত্ৰ এখন বিভাগীয় বাহন। কাৰ্যালয়ৰ ভিতৰচৰাত প্ৰয়োজন অনুসাৰে নাই কম্পিউটাৰ, চকী-টেবুলৰ ব্যৱস্থা। জহি-খহি গৈছে কৰ্মচাৰীৰ আৱাস-গৃহ সমূহ। আনহাতে কাৰ্যালয়লৈ অহা পথছোৱাৰ বিধ্বস্ত অৱস্থাৰ বাবেও ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে বিভাগটোৰ কৰ্মচাৰীসকল। 

কেৱল যে টিংখাঙতে যে এনে অৱস্থা হৈ আছে এনে নহয়৷ ৰাজ্যৰ প্ৰায়বোৰ বিদ্যুত বিভাগৰ কাৰ্যালয়ত কৰ্মচাৰীয়ে হাতত প্ৰাণ হাতত লৈ কাম কৰিব লগা হয়৷হয়৷ ৰাজ্যৰ প্ৰায় বিদ্যুতৰ কাৰ্যালয়ত কৰ্মচাৰীয়ে হাতত প্ৰাণ লৈ কাম কৰিব লগা হয়৷