10
May
2017

ৰঙিয়াঃ নৈত গা ধুবলৈ যোৱা মহিলাক অশালীন ইংগিত দিয়াক লৈ সংঘটিত হোৱা প্ৰচণ্ড মাৰপিটৰ ঘটনাই ৰঙিয়াত চাঞ্চল্যৰ সৃ্ষ্টি কৰিছে। ৰঙিয়াৰ ঢোলকুছিত দুই ফৈদৰ তুমুল সংঘৰ্ষত গুৰুতৰভাৱে আহত কেইবাজন।
আহত দুজনক সংকটজনক অৱস্থাত জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী-নিৰাপত্তাৰক্ষীৰ বৃহৎ দল।
বাঁহ-লাঠীৰে চলা এই প্ৰচণ্ড মাৰ-পিটৰ ঘটনা সংক্ৰান্তত জড়িত কোনো লোককে আৰক্ষীয়ে আটক কৰা নাই এতিয়ালৈকে। ঘটনাক লৈ বৰ্তমানেও অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰি আছে যদিও আৰক্ষীৰ দল মোতায়েন কৰা হৈছে ।