13
Aug
2017

গহপুৰঃ বিশ্বনাথ জিলাৰ গহপুৰত বানাক্ৰান্তই হাহাকাৰ কৰিব লগা হৈছে৷ চত্ৰং নৈৰ পুৰ্বে ভঙা মথাউৰিৰে পানী ওলাই অহাত জলমগ্ন হৈ পৰিছে গহপুৰৰ বহু অঞ্চল৷ যোৱা ২১ জুনত ৬ নং ৱাৰ্ডত চিঙা মথাউৰিটো মেৰামতি কৰিছিল যদিও পুনৰ ছিঙি যোৱাৰ ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
গহপুৰ মহকুমা প্ৰশাসন আৰু জলসম্পদ বিভাগে চত্ৰঙৰ ভগ্ন মথাউৰি নিৰ্মাণ কৰিছিল যদিও ঠিকাদাৰে নিম্নমানৰ কাম কৰাৰ ফলত পুনৰ ভগ্ন মথাউৰীৰে পানী ওলাই পানীয়ে বুৰাই পেলায় বহু গাঁও৷
বাঢ়নী পানীয়ে শ শ লোকৰ ঘৰ-দুৱাৰ বুৰাই পেলোৱাৰ লগতে জীৱ-জন্তুৰ আলাই আথানি হোৱা পৰিলক্ষিত হৈছে৷ তাম মাজতে গহপুৰত বানত এজন লোকে প্ৰাণ ৰেৰুৱাব লগা হয়। বৰজহাবাৰী গাঁৱৰ নৱজীৎ কলিতা নামৰ লোকজনৰ বাঢ়নী পানীত পৰি মৃত্যু হয়৷