10
Oct
2017

internet
তুলসীবাৰীঃ ঢোলকুছিত সত্যকাম সংঘ আৰু যুৱ সমন্বয় উন্নয়ন সমিতিৰ উদ্যোগত স্থানীয় সংঘৰ খেল পথাৰত চলি থকা ধাৰেশ্বৰ দাস আৰু নৰেশ্বৰ দাস সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজিৰ তৃতীয় কোৱাৰ্টাৰ ফাইনেল খেলত ৰঙিয়া এফ চি আৰু চাংসাৰি ভাহকাজান ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয়।
উত্তেজনাপূৰ্ণ খেলখনত চাংসাৰি ভাহকাজানে ৰঙিয়া এফ চিক ৩-১ গলত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। খেলখন পৰিচালনা কৰে ৰেফাৰী পহৰেদ আলী আহমেদ, সতীশ ডেকা, শ্ৰীকান্ত দাস আৰু কমল বড়োয়ে।
অহা ১২ অক্টোবৰৰ চতুৰ্থ কোৱাৰ্টাৰ ফাইনেল খন ঢোলকুছি ট্ৰাইবেল সংঘ আৰু বগৰীবাৰী অনলাইন এফ চিৰ মাজত অনুষ্ঠিত হ’ব৷