02
Aug
2017

লংকাঃ হোজাই জিলাৰ লংকা আৰক্ষীৰ সন্মুখতে জুৱাৰ আড্ডা চলি থকা বুলি দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপিত হৈ আহিছিল যদিও এতিয়াহে জুৱাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে লংকা আৰক্ষী৷
সোমবাৰে লংকা মাৰ্কেটত অভিযান চলাই আৰক্ষীয়ে গৌতম চক্ৰবৰ্তী, নুৰ ইছলাম, ৰঞ্জিত দাস, পাৰবাজ আখটাৰ, আব্দুল চাত্তাৰ, দিলোৱাৰ হুছেইন, কাজল দেক আটক কৰে।
আজি পুনৰ লংকা আৰক্ষীয়ে অভিযান চলাই লংকাস্থিত ভাৰতী চিনেমাহলৰ সমীপৰ পৰা জুৱা তথা এণ্ডিং খেলৰ এটি ঘাটি উৎখাত কৰাৰ লগতে ২জন লোকক আটক কৰিবলৈ সক্ষম হয়৷ তপন পাল আৰু স্বপন ঘোষ নামৰ জুৱাৰীৰ বেপাৰী দুজনক আটক কৰি লংকা আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে৷
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি উক্ত ঠাইত জনৈক বণিক উপাধিৰ লোকজনৰ পৃষ্ঠপোষকতাত জুৱা তথা এণ্ডিং খেলৰ ৰমৰমীয়া ব্যবসায় চলি আহিছিল বুলি অভিযোগ উত্থাপিত হৈ আহিছে।