08
Jul
2017

ডিজিটেল ডেস্কঃ গংগা যমুনাক জীৱিত সত্তা ঘোষণা কৰাৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে৷ ২০ মাৰ্চত উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে দুয়োখন নদীকে জীৱিত মানসিক সত্তা বুলি ৰায় দিছিল৷
মুলতঃ দিনক দিনে নদী দুখনৰ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱা বাবে এই ৰায় দিছিল উচ্চ ন্যায়ালয়ে৷ এই ৰায়ৰ দাৰা গংগা আৰু যমুনা নদীক দূষিত কৰাৰ লোকক অপৰাধী হিচাবে বিবেচিত কৰা হ’ব৷
কিন্তু শেহতীয়াকৈ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই উত্তৰাখণ্ড চৰকাৰে কাষ চাপিছিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ৷
উত্তৰাখণ্ডৰ মন্ত্ৰী মদন কৌশিকে বিষয়টো সন্দৰ্ভত কয় যে গংগা-যমুনাক জীৱিত সত্তা হিচাবে স্বীকৃতি দিয়াত কোনো সমস্যা নাই চৰকাৰৰ৷ কিন্তু এই দুই নদীৰ প্ৰদূষণৰ বাবে পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰপ্ৰদেশৰ মুখ্য সচিব দোষী সাব্যস্ত কিয় হ’ল সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে মন্ত্ৰীগৰাকীয়ে৷