গোগামুখঃ ভূত-প্ৰেত-বীৰাই ত্ৰাসৰ সৃষ্টি কৰিছে গোগামুখত ! যোৱা ৬ মে' পৰা ৫ জন লোকৰ অস্বাভাৱিক মৃত্যুত আতংকিত হৈ পৰিছে অঞ্চলটোৰ প্ৰায় পাঁচখন গাঁৱৰ ৰাইজ ৷ মিংমাং পাৰ্বতী পুৰ, বান্তৌ , পশ্চিম পাৰ্বতি পুৰ, মদনপুৰ আৰু চেঙেলী সূতী গাঁৱত সম্প্ৰতি বিৰাজ কৰিছে ভূতৰ আতংক ৷

ৰাইজৰ সন্দেহ অশৰীৰি পিচল বীৰাৰ অাক্ৰমণত এই লোককেইজনৰ মৃত্যু হৈছে ৷ জৰা ফুকা, পানী কটা, ধৰ্মীয় পূজাৰে সম্প্ৰতি ৰাইজে  ভূতক সন্তুষ্ট কৰাৰ চেষ্টা চলাইছে৷ উল্লেখ্য যে ৬ মে'ত টংকেশ্বৰ গগৈ নামৰ লোকজনৰ অস্বাভাৱিক মৃত্যু হোৱাৰ পাছত ৯ মে’ত মদনপুৰৰ  এগৰাকী মহিলাৰ, ১৮ মে’ত কৃষ্ণ লাহন নামৰ লোকজনৰ, ১৯ মে'ত পশ্চিম পাৰ্বতিপুৰৰ জীনামনি দুৱৰা আৰু ২৫মে’ত চেঙেলী সূতী গাঁৱৰ এগৰাকী মহিলাৰ  অস্বাভাৱিকভাৱে মৃত্যু হয়।

ৰাইজে জানিবলৈ দিয়া মতে, মৃত আটাইকেইজন লোকৰ মৃত্যুৰ লক্ষণ একেই ৷ শেহতীয়াকৈ পাৰ্বতী পুৰৰ বিতুল  গগৈ নামৰ লোক জন অশৰীৰি ভূতৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি প্ৰচাৰ হৈছে ৷ বিতুলে জনোৱা মতে, যোৱা ১৭ মে’ত শৌচালয়তে এক অচিন পিচল হাতে ডিঙিত চেঁপি ধৰাত তেওঁ অচেতন হৈ পৰে ৷ বেজৰ জৰা ফুকাত বৰ্তমান বিতুল কিছু সুস্থ হৈছে বুলি দাবী কৰিছে পৰিয়ালৰ লোকে ৷ অৱশ্যে এই অস্বাভাৱিক মৃত্যুৰ কাৰণ অচিন ৰোগ নে পিচল ভূত তাক স্থাৱৰ কৰিব পৰা নাই ৷ 

ধেমাজি জিলা স্বাস্থ্য বিভাগৰো কোনো লোক বৰ্তমানলৈকে অঞ্চলটোত উপস্থিত হোৱা নাই ৷ ফলত ৰাইজে নাম কীৰ্তন আৰু বেজৰ ওচৰ চাপিবলৈ বাধ্য হৈছে ৷ আনহাতে, কালি মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য সচিব পৰমানন্দ চাৰিঙীয়াই পৰিস্থিতিৰ বুজ লয় যদিও আজিলৈকে জিলা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান কৰা নাই। স্থানীয় ৰাইজে শীঘ্ৰেই অঞ্চলটোত এক সজাগতামূলক সভাৰ প্ৰয়োজন হৈছে বুলি প্ৰকাশ কৰিছে ।