
ডিজিটেল ডেস্কঃ জীৱিত কালত এজন ব্যক্তিয়ে যিমানেই কলংক-দুৰ্নাম অপযশ অৰ্জন নকৰক কিয় মৃত্যুৰ পাছত তেওঁৰ সাত খুন মাফৰ দৰে হয়। কিন্তু ব্যতিক্ৰম হৈ ৰ’ল একালৰ মহাপ্ৰতাপী আৰক্ষী বিষয়া কে পি এছ গিল।
শুকুৰবাৰে ৮২ বছৰ বয়সত দিল্লীৰ গংগাৰাম হাস্পতালত দেহাৱসান ঘটা দুৰ্দান্ত গিলক যেন মৃত্যুৰ পিছতো ঘেৰি ধৰিছে বিতৰ্কই৷ অসম আন্দোলনৰ প্ৰথমগৰাকী ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ হত্যা, আন্দোলনকাৰীক দয়া-মায়াহীন অত্যাচাৰ চলাই ৰাজ্যৰ কে’বাটাও প্ৰজন্মৰ দৃষ্টিত কলংকিত নায়কত পৰিণত হোৱা প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়াজনৰ ওপৰত আজিও ৰাজ্যজুৰি ঘৃণাবৰ্ষণ অব্যাহত আছে।
অনেকে ফেচবুক, হোৱাটছএপতে ক্ষোভৰ উদ্গীৰণ ঘটাইছে। ভাৰত চৰকাৰৰ দৃষ্টিত সদায়ে দক্ষ আই পি এছ বিষয়াৰূপে চিহ্নিত হৈ অহা গিলৰ মন্ত্ৰণাতে প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই আলফাৰ বিৰুদ্ধে অভিযান দয়ামায়াহীন কৰি তোলাৰো অভিযোগ আছে। আনকি দ্বিতীয়তো কাৰ্যকালৰ সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তও গিলৰ শৰণাপন্ন হৈছিল বুলি চৰ্চা হয়।
মহন্ত চৰকাৰৰ দিনত সংঘটিত অসমৰ ইতিহাসত মচিব নোৱৰা কলংকৰ দাগ বহুওৱা গুপ্তহত্যাৰ আঁচনি প্ৰস্তুতৰ ক্ষেত্ৰতো গিলে ভূমিকা পালন কৰাৰ অভিয়োগ আছে। গিলৰ কাৰ্যক সকলোৱে দ্ব্যৰ্থহীন ভাষাৰে অমানুসিক বুলি সমালোচনা কৰি আহিছে। ১৯৮৪ চনৰ পৰা ১৯৯৫লৈ দুবাৰকৈ পঞ্জাৱ আৰক্ষীৰ সঞ্চালক প্ৰধান (ডিজিপি)ৰূপে কাৰ্যনিবাহ কৰাৰ সময়ত গিলে খালিস্তান উগ্ৰবাদ কঠোৰ হাতেৰে দমন কৰে৷
যাৰ ঘৰত উগ্ৰবাদী আছে, সেই ঘৰৰ সকলোকে নিৰ্মমতাৰে হত্যা কৰা নীতি গ্ৰহণ কৰি গিলে এই উগ্ৰবাদ দমন কৰে। মহন্ত চৰকাৰৰ শাসনত ১৯৯৮ চনৰ পৰা ২০০১লৈ অসমতো এনে হত্যালীলা সংঘটিত হয়, যাক গুপ্তহত্যাৰূপে আখ্যা দিয়া হয়। প্ৰায় চাৰি বছৰ পূৰ্বে গিলে অসম ভ্ৰমণ কৰি ছহিদ খৰ্গেশ্বৰ তালুকদাৰ সম্পৰ্কে বিতৰ্কিত মন্তব্য কৰি ধুমুহাৰ সৃষ্টি কৰিছিল।